সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

মানুহক দুখত পেলায়; ৰজাৰ অভাব কি? কাজেই ৰজাৰ সুখেই সুখ।” কেনেবাকৈ এদিন এই কথা গৈ ৰজাৰ কাণত পৰিল গৈ। ৰজাই মনতে হাঁহীলে আৰু সসম্মানে সেই খৰিকটীয়াটোক ৰজাৰ ওচৰলৈ আনিবলৈ হুকুম দিলে। তাক অনা হলত ৰজাই শুধিলে—“কচোন, তয় কেনেকৈ ৰজাৰ সুখকে বৰ সুখ দেখিলি?” সি কলে—“মহাৰাজ, বৰ সুখ নহয় কি?—আপুনি গোটেই দেশৰ ৰজা, নিতৌ শত কোটি মানুহ আপোনাৰ ওচৰত তল মূৰ। আপোনাৰ ইচ্ছা মাত্ৰেই কাৰ্য্যত পৰিণত, আপোনাৰ সুখ শ্ৰেষ্ঠ নহয় যে কাৰ?”

 ইয়াৰ পাছত কিছুমান দিনলৈ তাক ৰাজ আলহী স্বৰূপে ৰজাৰ মহলতে থাকিবলৈ আদেশ কৰিলে। তাক যি কোঠালিটোত থাকিবলৈ বন্দবস্ত কৰি দিছিল, সেই কোঠালিটো নানান বৰণীয়া ফুল, আতৰ, গোলাব আদি মনমোহা বস্তুৰে সুন্দৰকৈ সজাই দিছিল। তাৰ ওপৰিও কেজনীমান শুৱনী গাভৰু নাচনী চোৱালীকো তাৰ মনৰ প্ৰফুল্লতা উৎপাদন কৰিবলৈ দিয়া হৈছিল। মোটৰ ওপৰত মানুহক সুখী কৰিবলৈ যি যি বস্তুৰ আৱশ্যক, সেই সকলোবোৰকেই দিছিল। খৰিকটীয়াই যেতিয়া গোটেই দিনটো এইবোৰ সুখ ভোগ কৰি ৰাতি শুবৰ পৰত বিচনালৈ যায়,—দেখে যে ঠিক শিতানৰ পৰা দহ হাত মান ওপৰত বৰ ডাঙ্গৰ শিল এটা এনে ভাবত আৰি

৮৩