শুনা যেন গম পালে। সি নিজৰ অৱস্থালৈ পাহৰি এক মনে সেই মাতষাৰলৈ কাণ দিবলৈ ধৰিলে। কোনোবাই ওপৰত বিনাইছে—“হে ভগৱান, ময় তোমাৰ ওচৰত এনে কোন দোষত দোষী যে—আজি এই মাঘমহীয়া জাৰতো মোক এখন গাত লোৱা কাপোৰৰ পৰা বঞ্চিত কৰি ৰাখিছা?” এই কথা শুনি নাদৰ ভিতৰত পৰি থকা অপৰাধীটোৱে ওপৰৰটোলৈ সম্বোধন কৰি কবলৈ ধৰিলে—“ভাই তুমি যেই হোৱা, ভগৱানৰ গাত দোষ নিদিবা। ধন্যবাদ দিয়া, কিয়নো তুমি এতিয়াও খুব সুখতেই আছা। মোৰ অৱস্থালৈ ভাবি চোঁৱা,—এই মাঘমহীয়া জাৰৰ চেঁচা পানীত ময় এদিঙ্গি লৈকে বুৰি আছোঁ। তুমি মোতকৈও তো সুখত আছা?” ওপৰত বহি বিলাপ কৰা মানুহটোৱে দেখিলে যে কথা মিছা নহয়। সি তেতিয়াই গিৰিপ্ কৰে উঠি ভগৱানক ধন্যবাদ দি তাৰ পৰা গুচি গ’ল।
⸻
পিয়ণৰ মূৰ্খামী।
টেলীগ্ৰাফৰ বাবু এজনে তেওঁৰ পিয়ণটোক টেলীগ্ৰাফ কলটোৰ ওচৰতে ঠিয় হৈ থাকিবলৈ দি কলে যে—“ময় ভিতৰৰ পৰা চাহ খাই আহো মানে তয় এই কলটোৰ ওচৰতে থাক; ইয়াৰ ভিতৰতে মোক মতা যেন গম পাৱ তেন্তে, তৎক্ষণাত মোক
৭৯