ঘটিটোৱে আৰু কম্বলখনে পৰি থকা দেখা পাই লাহেকৈ তুলিলৈ গুচি আহিবলৈ ধৰিলে। ফকীৰৰ ধ্যান ভঙ্গ হোৱাত পাছফালে চাই পথিয়াই চোৰটোৱে নি থকা দেখিবলৈ পালে। তেওঁও লাহেকৈ উঠি তাৰ পাছ ললে। অলপ বেগেৰে গৈ তাৰ ওচৰ চাপি পাছে পাছে যাবলৈ ধৰিলে। চোৰটোৱে এবাৰ উভতি চাই ফকীৰক দেখা পালে, আৰু সি যেন ফকীৰৰ একোকে কৰা নাই এনে ভাব দেখুৱাই শুধিলে— “বাবাই বা ইমান বেগেৰে যায় কলৈ?” ফকীৰে উত্তৰ দিলে—“বাবা ফকীৰৰ ফকিৰী এনেকুৱাই—আজি ইয়াত কালি তাত। এতিয়া অনুগ্ৰহ কৰি যতেই মোৰ ঘটি কম্বল থোৱাগৈ সেয়েই মোৰ আড্ডা হব।” চোৰটোৱে দেখিলে যে—মহা মস্কিল—ঘটি কম্বল নেপেলালে ফকীৰৰ পৰা হাত সৰাই তান, তাকে ভাবি সি সেইবোৰ পেলাই দি লৰ মাৰিলে। ফকীৰে বুটলি লৈ উভতি আহিল।
⸻
একত কৈ একচাৰ।
এসময়ত এজন বাদচাহে এটা অপৰাধীক মাঘমহীয়া জাৰত নাদ এটাত পেলাই থবলৈ হুকুম দিলে। অপৰাধীটো নাদত পৰি আছে,—এনেতে সি নাদৰ ওপৰত কাৰোবাৰ বিননি মাত
৭৮