লাভে মূলে।
ধনী মানুহৰ লৰা এটাই যতে ততে কৈ ফুৰিছে যে –“কালি ৰাতি আমি আকাশেদি পৰীৰ বিয়া এখন উৰি যোৱা - দেখিছোঁ”। সেই কথা শুনি বহুতেও তাক ঠাট্টা কৰিবলৈ ধৰিলে। কিয়নো মানুহৰ চকুৰে পৰীৰ বিয়া দেখা সম্পূর্ণ অসম্ভব কথা ! তেও সেই লৰাটোৱে নুশুনে, আকৌ যাৰে তাৰে আগত, সেই কথাকেহে কৈ ফুৰে ! তাৰ সাখী কোন বুলি শুধিলে দেউতাকৰ কথা কয় । অসম্ভবক সম্ভব কৈ কোৱা দেখি আন এজন ধনী মানুহৰ লৰাই তাৰ লগত বাজী লগালে যে—“যদি তোমাৰ বাপেৰে আকাশত পৰীৰ বিয়া দেখিছো বুলি কয়, তেন্তে ময় তোমাক এহাজাৰ টকা দিম । আৰু যদি নাই দেখা বুলি কয় তেন্তে তুমি মোক সিমান খিনি টকা দিবানে” ? ইও দিম বুলি কোৱাত বহুত মানুহ-দুনুহ লগতলৈ ইয়াৰ বাপেকৰ ওচৰলৈ আহিল আৰু ঘটনাটোৰ কথা শুধিলেহি ।
যদিও ঘটনা সঁচা তথাপিও বিশ্বাসৰ সম্পূৰ্ণ অযোগ্য। এই মানুহ জনে ভাবিলে যে -“যদিও ময় এহাজাৰ টকাৰ দায়ত পৰি সঁচা কথা টোকেই কওঁ, তথাপিও কোনেও বিশ্বাস নকৰিব । জিকিবৰ কোনো সুবিধা নাই যেতিয়া হাৰি এহাজাৰ টকা খেদোৱাই ভাল— তাকে ভাবি তেওঁ সেই কথাটো মিছা বুলি এহাজাৰ টকাকে ভৰিলে ।
৭৫