এওঁৰ এনেকুৱা অৰ্থাৎ পৰিবৰ্ত্তন হোৱা দেখি নাপিত এটা
বৰ আচৰীত হল! মনে মনে তেওঁক এদিন তাৰ কাৰণটো
শুধিলে। তেওঁ কলে যে—“ময় চাকৰ হৈ থাকোতে
এদিন বাদচাহে মোক শুধিলে যে—‘কুকুৰাৰ কি বস্তুটো আটাইত
কৈ খাবলৈ ভাল?’ ময় কলো যে— চাল ছটা। তাকে শুনি
মোৰ ওপৰত বৰ সুখী হৈ আজি মোক “ওমৰা”, পাতিছে!”
নাপিতটোৱে সকলো খিনি কথা শুনি তাৰো “ওমৰা” হবৰ বৰ
মন গল। সি তেতিয়াই গৈ তাৰ আটাইবোৰ অস্ত্ৰ-শস্ত্ৰ
দলিয়াই পেলাই সাজ পাৰ সলায় লৈ বাদচাহৰ ঘৰত চাকৰ
সোমাল গৈ। তাকো সেই দৰে খাবৰ পৰত বাদচাহৰ আগত আনি
হাজিৰ কৰি থোৱা হ’ল। বাদচাহে শুধিলে-- “বাৰু কচোন
গৰুৰ কি বস্তুটো আটাইতকৈ খাবলৈ ভাল লাগে”? সি ভাবিলে
যে নিশ্চয় চাল জটায় ভাল, কিয়নো সিটোৱেও কুকুৰাৰ চাল
ছটাৰ কথা কৈয়ে ওমৰাৰ পদ পাইছে। তাকে ভাবি সি
কলে—জাঁহাপানা : গৰুৰ চাল ছটায়হে খাবলৈ আটাইতকৈ
সোৱাদ।” বাদাচাহে শুনি খঙ্গতে কঁপিবলৈ ধৰিলে। তাৰ
পাছত তাক——“বদমাচ, চুৱৰ, মানুহে গৰুৰ চাল ছটাহে খায়?”
বুলি পাৰে মানে জোটাৰে কোবাবলৈ ধৰিলে। পাছত সি
তত নেপাই আচল কথা সোপাকে ভাঙ্গি-ছিঙ্গি কৈ ক্ষমা
প্ৰাৰ্থনা কৰি সিমানতে বিদায় লৈ আগৰ যি কাম আকৌ তাকে
ধৰিলে গৈ।
৭৪