সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 


অতি আশা দুৰাকাঙ্খ্যা।

 এজন বাদচাহৰ লৰাই বিদেশত গৈ বৰ কষ্টত পৰিল। এনেকুৱা অৱস্থাত তেওঁ নিজক কোনো বাদচাহৰ ল’ৰা বুলি চিনাকি দিবলৈ বৰ লাজ পালে। বিদেশত অচিনাকী ভাবত পেটৰ নিমিত্তে সকলো ৰকম কামকেই কৰিব পাৰি। এই বাদচাহৰ ল’ৰায়ে৷ গৈ সেই দেশৰ বাদচাহৰ ঘৰত লগুৱা কামত সোমালগৈ। বাদচাহৰ এটা নিয়ম আছিল যে—তেওঁৰ ঘৰত যেয়ে চাকৰী কৰিবলৈ যাওক,—প্ৰথমে তেওঁ খাবৰ পৰত সেই চাকৰটোক ওচৰত ৰাখি নানান ৰকমৰ পৰীক্ষা কৰি ভাল পালেহে পাছত নিগাজী কৈ ৰাখে।

 বাদচাহৰ ল’ৰাও এই পৰীক্ষাত পৰিল। খাবৰ পৰত বাদচাহে লৰাটোক আগত ঠিয়কৈ লৈ শুধিলে – “বাৰু কচোন, কুকুৰাৰ কি বস্তুটো আটাইতকৈ খাবলৈ ভাল?” এওঁও তো বাদচাহৰ লৰা সদায় খাই থকা,—ঘপ কৰে কলে যে–“হুজুৰ, চাল ছটা!” বাদচাহে শুনি বৰ সুখী হ’ল, আৰু তাক শুধিলে যে –“নিশ্চয় তয় কম মনুহ নহৱ, সচাকৈ কচোন—-তয় কোন্? বাদচাহৰ ল’ৰাই নিজৰ পৰিচয় দিয়াৰ পাছত, সেই দিনাৰ পৰা তেওঁ এজন “ওমৰা” অৰ্থাৎ ডাঙ্গৰ বিষয়া হৈ দৰবাৰত বহি শোভা

কৰিবলৈ ধৰিলে।

৭৩