সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

শান্ত জনে দুষ্ট জনৰ বেয়া স্বভাববোৰ গুচাবৰ মনেৰে বহুত দিনৰ পৰা বহুত ৰকমে যত্ন কৰি আহিছিল, কিন্তু কোনো ৰকমে সেইবোৰ শুধৰাব পৰা নাছিল।

 এদিন দুয়ো কথা বতৰা পাতি থাকোতে সুযোগ পাই শান্ত জনে দুষ্ট জনৰ আগত এটা সাধু আৰম্ভ কৰিলে। কলে যে—“এসময়ত এটা সাপ আৰু এটা বেঙৰ ভিতৰত বৰ মিল আছিল। বেঙটোৱে সদায় সাপটোক তাৰ উগ্ৰ স্বভাৱৰ বাবে তিৰস্কাৰ কৰি থাকে। শুনি শুনি সাপটোৰ আমনি লাগিল। এদিন সেই খঙ্গতে বেঙটোক মাৰিবৰ মনেৰে খেদি নিলে। বেঙটো কোনো ৰকমে পলাই সাৰিল। কিছুমান পৰ্বৰ পাছত বেঙটোৱে ভাবিলে যে—বোধ কৰোঁ এতিয়া মানে বন্ধুৰ খঙ্গ মাৰ যাব পায়। তাকে ভাবি সি ওলাই আহি দেখে যে—তাৰ বন্ধুক কিছুমান গৰখীয়া লৰাই মাৰি পেলাই গছ এজোপাতে দীঘলকৈ আৰি থৈছে। দেখি তাৰ বৰ দুখ লাগিল আৰু ওচৰলৈ গৈ লাহে লাহে কবলৈ ধৰিলে—“বান্ধ! সদায় যদি বেকা নহৈ এই দৰে পোণহৈ থাকিবলৈ শিকিলাহেতেন, তেন্তে আজি কেতিয়াও তোমাৰ দশা এনে নহয়।” গল্পটো শুনিবৰেপৰা এই দুষ্টটোৰো স্বভাব পৰিবৰ্ত্তন হবলৈ ধৰিলে।

৭২