সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 
 

আগেই সাৱধান।

 মানুহ এটাই গছ এজোপাৰ ওপৰত উঠি ডাঙ্গৰ ঠাল এটাৰ আগত বহি লৈ কুঠাৰেৰে গুৰিত ঘপিয়াবলৈ ধৰিছে। বাটেদি যোৱা মানুহ এটাই তাক সেই অৱস্থাত দেখা পাই কৈছে—“হে’ৰা, চাবাহে, বেয়াকৈ আগত বহি গুৰিত ঘপিয়াইছা!” ওপৰৰ পৰা মানুহটোৱে কৈছে—“তাত কি কথা আছে, ময়তো আগে সাৱধান হৈ লৈছোঁ।” তাৰ মনেৰে আগেয়ে সাৱধান হোৱা মানুহক বিপদে একো কৰিব নোৱাৰে।

উভয়েই সমান।

 মানুহ এটাই এজনী তিৰুতা মানুহৰ প্ৰেমৰ বান্ধত পৰি, এদিন কিবা এটা অপকৰ্ম্ম কৰাৰ দোষত পুলিচৰ হাতত পৰিল। টেকেলাই যেতিয়া তাক হাত-কেড়া লগায় তেতিয়া সি বৰ বেছিকৈ হাঁহিবলৈ ধৰিলে। দাৰোগাই তাক সেই দৰে হঁহাৰ কাৰণ সোধাত সি কলে যে—“তিৰুতাৰ প্ৰেমৰ বান্ধ যি,—পুলিচৰ হাত—কেড়াৰ বান্ধো সি। কিয়নো উভয় বান্ধৰ পৰাই হাত সৰা টান! গতিকেই হাঁহী উঠছে।”

৭০