সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 


দুজনৰ ভিতৰত এজনৰ হাতত পয়ছা এটা আছিল, তাকে দি কল দুটা ললে। মানুহ তিনটা- কল দুটা হোৱাত ভাগ কৰিবলৈ বৰ মস্কিল লাগিল! লাঠুৱা লৰাটোৱে কলে—“ই এটা কি বৰ টান কথা? চাওঁ, তোৰো এফাল মোক দে, আৰু তাৰো এফাল মোক দে, আপুনি সকলোৰে সমান ভাগ হব।” এই দৰৈ সি ফাঁকী দি এটা খাই সিহঁতক এফাল এফাল খুৱালে।

গা নোধোৱাৰ কাৰণ।

 কোনো এজন গৃহস্থ মানুহৰ ঘৰত মিকিৰ এটাই কাম কৰি আছিল। মিকিৰে যে কোনো কালে গা নোধোৱে এই কথাটো গৃহস্থ জনে ভালকৈ জানিছিল। এদিন তাৰে কাৰণটো জানিবৰ নিমিত্তে মিকিৰটোক শুধিলে—“হেৰ’ তহঁতে গা নোধোৱ কিয়?” মিকিটোৱে কলে—“আমি গা নোধোওঁ এই কাৰণেই যে—হয় তো সদাই গাত পানী লগাই থাকিলে শৰীৰৰ মাংসবোৰ কুমলি এৰাই যাব পাৰে, এই কাৰণেই নোধোওঁ। মাটিৰ শৰীৰ তো?”

৬৭