সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 


ৰজাই প্ৰথমে হালধীৱা এফুটা লৈ খোৱাৰ পাছত মন্ত্ৰীৰ ঘৈণীয়েকে শুধিলে —— “মহাৰাজ, খাই কেনে পালে?” ৰজাই কলে—“বেচ বেচ, খুব ভাল, বৰ সোৱাদ।” আকৌ মন্ত্ৰীৰ ঘৈণীয়েকে কোৱাত আৰু এফুটা ৰঙা চাই খালে। সেই বাৰ সোধাত কলে যে- “ইয়ো বৰ ভাল তাৰেই নিছিনা মিঠা। আকৌ এফুটা নীল বৰণীয়া খাই উঠাৰ পাছত শোধাত কলে যে—“বেচ, ইয়ো বেয়া নহয়, একেই সোৱাদ।” এই দৰে সকলো ৰঙ্গৰ এফুটা এফুটা খাই চালে, কিন্তু সোৱাদৰ একো কম বেছি নেপালে। ৰজাক এই দৰে ৰংচঙ্গীয়াকৈ সুমথিৰা টেঙ্গাৰ ফুট খুউৱাৰ কাৰণ শোধাত মন্ত্ৰীৰ ঘৈণীয়েকে হাট-যোৰকৈ কবলৈ ধৰিলে – “মহাৰাজ, বেটীৰ জগৰ মৰষীব। আমাৰ তিৰুতা জাতিটোও থিক এই ৰংচঙ্গীয়া টেঙ্গা ফুট কিটাৰ দৰে। মাথোন বৰণতহে বেলেগ, খাওঁতে –‘একেই সোৱাদ।’ ৰজাই মনে মনে কথাটো ভাবি চাই বৰ লাজ পালে। আৰু মন্ত্ৰীৰ ওচৰত সেই বাবে ক্ষমা প্ৰাৰ্থনা কৰি মন্ত্ৰীৰ ঘৈণীয়েকক “ আই” সম্বোধন কৰি যাবৰ সময়ত দীঘলকৈ সেৱা এটা কৰি প্ৰস্থান কৰিলে।

নতুন পঞ্জিকা।

শিক্ষক এজনৰ কিবা এটা কথা চাব লগিয়া হোৱাত এখন নতুন পঞ্জিকাৰ আৱশ্যক হল। ছাত্ৰ এজনক কৈ পঠিয়ালে

যে— “তয় যাচোন, অমুকৰ দোকানৰ পৰা এখন এই বছৰৰ নতুন পঞ্জিকা লৈ আহগৈ।” ছাত্ৰজন গৈ দোকানীক সেই