সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 


টান টান শব্দ উচ্চাৰণ কৰিব পাৰিছিল, তয়নো ইমান গাধনে।” শুনি ছাত্ৰ জনে কলে—“এতিয়া দেখোন মিণাৰাম ডাঙ্গৰীয়া আপোনাৰ সমান বয়সত হাকিম হৈছে, আপুনিনো কিয় আজিও এই স্কুলতে শিক্ষক হৈয়ে আছে? কপাল!

একেই সোৱাদ৷।

 এদিন এজন ৰজাই তেওঁৰ মন্ত্ৰীৰ গাভৰু জীয়েকক দেখা পাই সম্পূৰ্ণে মোহ গল। সেই সময়ত ৰজাৰ তেনেকুৱা শুৱনী এজনী ও মাদৈ নথকাত মন্ত্ৰীৰ জীয়েকক পাবৰ কৰণে প্ৰায় বলিয়া হোৱাদি হল। লাজকাজ কাতিকৈ থৈ এদিন মন্ত্ৰীৰ আগত সেই কথা কলে। মন্ত্ৰীৰ শুনিয়ে চুলিৰ আগে জীৱ গল। অগত্যা ৰজাৰ কথাতে মান্তি হৈ সেই দিনালৈ ঘৰলৈ গ’ল। ঘৰত আমন জিমন কৈ বহি থকা দেখি ঘৈণীয়েকে শুধি শুধি কথাটো উলিয়ালে। তাৰ পাছত কলে যে—“সেই বাবে আপুনি একো ভয় নকৰিব। আজি ৰাতিলৈকে ৰজাক নিমন্ত্ৰণ দি আহক গৈ।” মন্ত্ৰীৰ অনিচ্ছা সত্তেও বাধ্য হৈ ৰজাক বাতৰি দিবলৈ গল। ইফালে মন্ত্ৰীৰ ঘৈণীয়েকে ৰজাক অভ্যৰ্থনা কৰিবলৈ নানান তৰহৰ বস্তু সজাই-পিতাই থবলৈ ধৰিলে। যেতিয়া ৰজা আছিল তেতিয়া মন্ত্ৰীৰ ঘৈণীয়েকে দীঘলকৈ ওৰণী এখন টানি লৈ শৰাই এখনতে

হুমথিৰা তৈঙ্গা কে কেইটামান ৰংচঙ্গীয়াকৈ নি ৰজাৰ আগত দিলেগৈ।

৬২