সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 


ফলে যে -“ মহাৰাজ, ভাগ খোৱা কেজনমান ৰ’ল, তেওঁ- লোককো মতা হলে ভাল আছিল।” ৰজাই তাৰ সকলো কথা, শুনি তেতিয়াই তিনিও জন দুৱৰীকে ধৰাই আনিলে। তেতিয়া চোৰটোৱে কলে যে—“মহাৰাজ, এই নগৰ-দুৱৰীৰ লগত মোৰ কথা আছিল যে ময় যি পাম তাৰে আধা এওঁক দিম। আৰু মোৰ ভাগৰো অলপ বেচিকৈ দিম। এতিয়া ময় মাথোন বাইচটা বেটৰ কোব পাইছোঁ। মহাৰাজৰ আদেশ হলে তাৰে এঘাৰটা এওঁক দি আৰু মোৰ ভাগৰো এটা বেটিকৈ দিব পাৰে৷” এই ঘটনাত এই দুৱৰীয়েই প্ৰধান জগৰীয়া ভাবি সকলোৱেই সেই কথাত হয় ভৰ দিলে। সেই অনুযায়ী দুৱৰীয়ে বাৰটা কোব খালে। বাকী থাকিল দহোটা। আকৌ দ্বিতীয় জনৰ লগত ভাগ কৰোতে দ্বিতীয় জনৰ ভাগত পৰিল ছটা। পুনৰাই তৃতীয় জনৰ লগত ভাগ কৰোঁতে তৃতীয় জনৰ গাত পৰিল তিনটা। কাকী থকাটো চোৰটোৱে হাত পাতিলৈ বিদায় হল।

শিক্ষক আৰু ছাত্ৰ।

 পঢ়াশালী এখনত শিক্ষক এজনে বহুতো ছাত্ৰ পঢ়াই আছিল। তাৰ ভিতৰত এজন বৰ গাধ ছাত্ৰ আছিল। এদিন ছাত্ৰ জনে কিবা এটা শব্দ উচ্চাৰণ কৰিব নোৱাৰাত শিক্ষকে তাক গৰিহণা দি কলে যে—“তোৰ বয়সত মিনাৰাম ডাঙ্গৰীয়াই ইয়াতকৈ

৬১