নাই। গল দুবছৰ যেনেকৈ নলৰ তললৈকেহে পানী হৈছিল
এই বাৰো তাকেই হব বুলিহে ময় নলতল বুলি কৈছিলোঁ॥
মনুহবিলাকে ওলোটা বুজিলেই হব নেকি?”
⸻
সমান ভাগ।
চোৰ এটাই নগৰ এখনত চুৰ কৰিবলৈ গৈ নগৰৰ প্ৰধান দুৱৰীৰ হাতত ধৰা পৰিল। সাৰিবৰ একো ভাল উপায় নেপাই কলে যে—“সম্প্ৰতি আপুনি মোক এৰি দিয়ক, ময় নগৰত সোমাই কি পাওঁ তাৰে আধা আপোনাক দিম আৰু মোৰ ভাগৰে৷ অলপ আপোনাক বেছিকৈ দিম।” দুৱৰীয়ে সেই কথাতে মান্তি হৈ তাক এৰি দিলে। সি নগৰ সোমায়েই প্ৰথমে ৰজাৰ ঘৰলৈকে চুৰ কৰিবলৈ গল। তাতো ৰাজদুৱৰীয়ে ধৰি সেই বন্দবস্ততে এৰি দিলে। তাৰ পৰা গৈ ৰজাৰ অন্দৰ মহলৰ দুৱৰীৰ হাতত ধৰা পৰি তাতো সেই বন্দবস্তই কৰিলে। শেষত শোৱনী কোঠালিত সোমাওঁতেই ৰজাৰ হাতত ধৰা পৰি পুৱালৈ দৰবাৰত তাৰ বিচাৰ আৰম্ভ হল। ৰজাই তাক শুধিলে— “তোৰ এই অপৰাধৰ বাবে কি শাস্তি হোৱা উচিত?” সি কলে “মহাৰাজ, এই সামান্য অপৰাধৰ বাবে এবেটেই বহুত!” ৰজাৰ আৰু খঙ্গ উঠিল, হুকুম দিলে যে-“ইয়াক এক এককৈ বাইচ
বেট মাৰি এৰি দে।” কাৰ্য্য আৰম্ভ হবলৈ ধৰোতেই চোৰটোৱে
৬০