সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

মজাৰ গল্প মনান্তৰ ঘটিল। শেষে গৈ শেষত কাজিয়া লাগি দুয়ো নমতা নমতি হ’ল। এজনে যদি কিবা ভাল বস্তু এটা আনি থয় ইজনে মনে মনে গৈ তাক নষ্ট কৰি দিয়ে গৈ। এজনে এখাৰ ওপৰত গাখীৰৰ চৰুটো তুলি দি অলপ ইফাল হ’লেই সিজনে গৈ তাতে নেমুটেঙ্গাৰ ৰস কেটোপামান পেলাই থৈ গুচি আহে। এইদৰে আৰু কিছুমান দিন যোৱাৰ পাছত এদিন এজনে গিলাচ এটাতে সৰু পানী চুই মেজৰ ওপৰতে ভালকৈ ঢাকি থৈ এফালে আহি লুকাই চাই আছেহি। সি- জনে চেগ বুজি আহি সেইখিনি ‘চৰপত' ঢাকি থোৱা বুলি এধোক গিলোতেই ইজনে লাহেকৈ ওলাই আচল তত্ত্বটো ভাঙ্গি দিলে। সেই দিনাৰ পৰা দুয়োৰো মাত বোল হৈ পাচলৈ মনৰ মিলেৰে দিন নিয়াবলৈ ধৰিলে।

অদ্ভুত বন্দুক।

 আৰুবেলি জোৰহাটত দাঙ্গৰ পুখুৰীটো খান্দোতে আগৰ ৰজা-দিনীয়া বন্দুক এটা ওলাল। গোটেইখন আসামত তোলপাৰ লাগি পৰিল-বাতৰি কাকতে বাতৰি কাকতে মাথোন সেই অদ্ভুত হিলৈৰ কথাহে! গোটেই ভাৰতৰ মানুহে সেই হিলৈটো চাবলৈ উবুৰি খাই পৰিলহি। এনেকি বিলাইত আৰু আমেৰিকা

আদি ঠাইৰ মানুহও দুই ছাৰি জন আহিছিল। সকলো মানুহে

৫৮