সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মজাৰ গল্প
 


পাঁছ টকাৰ বাজী।

 এদিন দুজন ডেকাই কথা এটালৈ বৰ জীদ পাতিছে। এজনে কৈছে যে—–“মানুহ আগে আগে গৈ থাকিলেও পাছ ফালৰ পৰা তাঁৰ নাকতে দলি এটা মাৰি লগাই দিব পাৰে৷। ” ইজনে জোৰকৈ কৈছে যে – “কেতিয়াও নোৱাৰি।” এই দৰে পাঁছ টকাৰ বাজীকেই ৰাখিলে। “বাৰু লগোৱাচোন চাওঁ” বুলি দ্বিতীয় জঁন আগে আগে যাবলৈ ধৰিলে। প্ৰথম জনে পাছফালৰ পৰা দলি এটা মাৰি পঠিয়াই—“ছাবা ছাবা- গৈছে” বুলি আগৰ জনক সাৱধান কৰি দিলে। আগৰ জনে সঁচানে মিচা বুলি ওভতি চাওঁতেই দলিটো আহি ঠিক নাকতে কাটোপ কৰে পৰিলহি। ৰূপ পাঁছ টকা তেতিয়াই উলিয়াই দিলে।

অভ্যাস মাথোন।

 এদিন এটা পিয়নে ডাক বাবু এজনক সুধিছে— “ডাঙ্গৰীয়া, ডাঙ্গৰ ডাঙ্গৰ দোকানী মহাজন সকলে নো গদীত বহি ঠেঙ্গৰ ওপৰত ঠেংটো তুলি তলুৱা খন কিয় মোহাৰি থাকে?” শুনি বাঁবু জনে অলপ পৰলৈ তৰক মাৰি থাকি তাৰ পাছত কলে যে— “সেইটো আন একো নহয়, তেওঁলোকৰ দোকানলৈ মাল নিবলৈ অহা গ্ৰাহক সকলৰ ভৰিত কেনেকৈ তেল মলি পয়ছা

উলিয়াব লাগে সি এটা তাৰে অভ্যাস মাথোন।”

৫২