বিলাইতি বস্তু।
অশিক্ষিত গাৱঁৰ লৰা এটাই অলপ লেখা পঢ়া শিকি বাগিছা এখনতে মহৰি কাম এটা কৰি আছিল। সেই গাৱঁত লেখা পঢ়া শিকাৰ ভিতৰত সিয়েই হে প্ৰথম। সি এদিন বাপেকলৈ মমবাতি কেদালমান মছিদত দিবলৈ বুলি ডাকত ৰেজেষ্টাৰী কৰি পঠিয়াই দিলে। সেই দিনা ৰাতিলৈ বুঢ়াই কেজনমান মানুহক নিমন্ত্ৰণ দি আহিছিল। ৰাতি যেতিয়া মানুহ কিজন খাবলৈ বহে বুঢ়াই তেতিয়া মমবাতি কিদালকে কিবা বিলাইতি খোৱা বস্তু বুলি উলিয়াই দিলে। খাবলৈ অহা মানুহ কিজনো এই বুঢ়াৰে নিছিনা হোজা মানুহ। তেওঁলোকেও বুঢ়াৰ কথাকে পতিয়াই ভাত পানী খাই উঠি তাৰে এদাল এদাল ভাঙ্গি লৈ অলপ অলপ নিমখ লগাই খাবলৈ ধৰিলে। খাই উঠি আধা ঘণ্টামান বহি তামোল ছালী খাই থাকোতে প্ৰথমে এজন ওৱাক ওৱাক কৰি বঁতিয়াবলৈ ধৰিলে। তাৰ পাছত এটি এটি কৈ সকলোৱেই সেই কৰ্ম্ম কৰিবলৈ ধৰিলে। “ইনো কি”—বুলি পাৰ্চেল টো ভালকৈ ঘূৰাই পকাই চাই তাতে চিঠি এখনি পাই পাছ দিনা আন এখন গাৱঁৰ পৰা লৈ জানিব পাৰিলে যে—সেইয়া মছিদত দিবলৈহে দিছিল, খাবলৈ দিয়া নাই। তেতিয়া তেওঁলোক ইজনে সি জনক কোৱা মেলা কৰিছে যে—“সেইয়া আল্লাৰ ঘৰত দিবলৈ দিয়া বস্তু, নিদি খালে অৱশ্যে তেনেকুৱা হবতো।”
—০০—
৪৮