সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

ঠাই ললেহি, মছিদলৈ অহা যোৱা কৰাত ভাগৰ লাগিবলৈ ধৰিলে। এদিন মাকক কলে যে—“আই! আজিৰ পৰা আৰু পূৱাতে উঠি মোলৈ জলপান কৰিবৰ সকাম নাই।” মাকে সুধিলে—“কিয়?” পিতেকে কলে—“আজিৰ পৰা আমাৰ মছিদ গৰমৰ নিমিত্তে এমাহলৈ বন্ধ।” মাকে আচৰীত হৈ সুধিলে—“হেৰ মছিদনো কৰবাত জাৰে গৰমে বন্ধ হয়নে?” পিতেকে কলে—“হয়তো, অৱশ্যে হয়!” মাকে—“বাৰু ৰ ময় বাপেৰক সুধি চাওঁ”—বুলি মোল্লাজীক সুধিবলৈ যাওঁতেই তেওঁ আহি ওলালহিয়ে। সুধিলে—“হয়নে বোলে মছিদ বন্ধ?” বাপেকে মাতিবলৈ নৌ পাওতেই পিতেকেই মাত দি উঠিল যে—তেওঁ কি জানে—মছিদলৈ গলে হে জানিব।”

—০০—

কেই পূৰা হল?

 এদিন এখন গাৱত এটা ঠিকাদাৰ আহি এটা ঘৰ সাজিব কাৰণে কিছুমান কাঠ বাঁহ লৈ ফুট ইঞ্চি আদিৰে সেইবোৰ জুখিব লাগিছে। এনেতে এটা হোজা হালোৱা আহি সুধিলেহি যে “যি কৰিছা?” ঠিকাদাৰজনে সকলো কথা বুজাই কৈ—জুখিছোঁ বুলি কলে। হালোৱাটোৱে অলপ সময় ৰৈ সেই কামবোৰ চাই শেষত সুধিলে “বাৰু, কোৱা চোন এতিয়া কেই পূৰা হল?”

—০০—

৪৭