থাকিল। যেতিয়া সিহঁত তিনিও আহি সেই ঠাই দোখৰত বহি কথাটো কোৱা মেলা কৰিছে তেতিয়া এই মানুহটোৱে চোৰাং চোৱাটোক এফালৰ পৰা কথাকিটা বুজাই গৈছে। ডাঙ্গৰটোৱে—‘ছপ ছপ মুৰীয়া বুলি কলত মানুহটোৱে চোৰাং চেৱাটোক বুজালে—“ছপ ছপ মুৰীয়া মানে কি বুজিছানে? অৰ্থাত, দোনেৰে এদোন—ছপ ছপ মুৰীয়াকৈ।” তাৰ পাছত মাজুটোৱে যেতিয়া কলে—“জানি জানি”, তেতিয়া ই আকৌ তাক বুজাইছে—“চোৱাঁ ই সেই কথা ভালকৈ জানে।” আকৌ যেতিয়া সৰুটোৱে কলে—“থৱ’, ফুটা বাঁহক কোনে ফুটুৱাই” তেতিয়া আকৌ ই তাক বুজাইছে—“দেখা, ই আকৌ সেই কথা এতিয়া সম্পূৰ্ণে মিছা মাতিবলৈ কয়।” চোৰাং চেৱাটোৱে সকলো কথা শুনি সঁচা বুলি ভাবি, ৰজাৰ আগত সকলো কথা ভাঙ্গি পাতি কৈ এই মানুহটোক সেই অনুযায়ী এদোন ৰূপ আদায় কৰাই দিয়ালে।
⸺০০⸺
“আলো” আৰু “বাতি।”
এদিন সাজ লাগি ভগাৰ পাছত বঙ্গালী বাবু এজনৰ ঘৰলৈ ভদ্ৰলোক এজন আহিছিল। ইপিনে বৰষুণ, সিপিনে ঘিট্-ঘিটীয়া আন্ধাৰ! বেচেৰা ভদ্ৰলোক জনে কণামুণাকৈ যিফালে আহিব লাগিছিল সেই ফালে নাহি আলী কাষৰৰ খালটোতে ঘ্ৰেম কৈ পৰিলহি! খালৰ বোকা পানীত এদিঙ্গিলৈকে
৪৪