—“এই সংসাৰত কাৰো ওপৰত সম্পূৰ্ণ বিশ্বাস স্থাপন কৰি নিজক বিপদত নেপেলাবি হঁক।” বুঢ়া মৰাৰ পাছত সিহঁতে কাৰো লগত বেছিকৈ কথা বতৰা নেপাতে, যি কথা বতৰা—মাথোন সিহঁত ভাই ককাই তিনটাৰ ভিতৰত হে। এদিন তিনিও পৰামৰ্শ কৰিলে যে—“আহ হঁক, আমি তিনিও এনেকুৱা কিছুমান কথাৰ আলোচনা কৰোঁ যাক আন কোনেও বুজি নেপায়।” বহুত ভবা চিন্তাৰ মূৰত ডাঙ্গৰটোৱে এটা কথা উলিয়ালে—“ছপ ছপ মূৰীয়া।” মাজুটোৱেও এটা উলিয়ালে—“জানি জানি।” সৰুটোৱে একো উলিয়াব নোৱাৰা দেখি ডাঙ্গৰটোৱেই এটা কথা শিকাই দিলে যে—“তয় তেন্তে—‘থৱ’ নুফুটা বাঁহক কোনে—ফুটুৱাই” বুলি কবি।” এই কথা তিনটাকে লৈ তিনিও এদোখৰ নিৰ্জ্জন ঠাইত বহি সেই তাকেই কোৱা মেলাকৈ থাকে। এদিন লাঠুৱা মানুহ এটাই সিহঁতৰ সেই কথা বতৰাবোৰ শুনি মনতে কিবা এটা বুধি পাতি, ৰজাৰ ওচৰলৈ গৈ সিহঁতৰ ওপৰত কিছুমান টকা পাওনাৰ দাবী কৰি নালিচ কৰিলে।নালিচৰ মৰ্ম্ম এই যে—সেই ল’ৰা তিনটাৰ বাপেকে গোছৰীয়াৰ বাপেকৰ পৰা ৰূপ এদোন ধাৰলৈ আনিছিল, তেওঁতো নিদি মৰিয়ে গল; এতিয়া ল’ৰা তিনটায়ো খুজিবলৈ গলে গালিহে পাৰে। ঘটনাটোৰ সঁচা মিছা জানিবৰ নিমিত্তে ৰজাই গোছৰীয়াটোৰ লগত এটা চোৰাং চোৱা পঠিয়াই দিলে। চোৰাং চোৱাৰেসৈতে সেই মানুহটো আহি ইহঁতৰ নিৰ্জ্জন ঠাই দোখৰৰ ওচৰতে দুয়ো লুকাই
৪৩