সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

ধৰিলে। পুৱা ৰজাই দেখেগৈ যে-পানীৰেই পুখুৰী ভৰি আছে তেওঁ চাব খোজা প্ৰমাণ সঁচা।

⸺০০⸺

বৰুৱা নিমন্ত্ৰন।

 এবাৰ অসম ৰজাই এখন ভোজ পাতি সকলো বৰুৱাক তালৈ নিমন্ত্ৰন কৰিলে। ৰজাই নিজে আগত থাকি খেলে খেলে বৰুৱাসকলক বহুৱাইছে। এফালে বৰবৰুৱা, এফালে বেজবৰুৱা, এফালে হাতী বৰুৱা, এফালে ঘোড়া বৰুৱা আৰু এফালে অকল বৰুৱা সকলক। সকলোৱে খাবলৈ ধৰিছে, এনেতে কৰবাৰ পৰা এটা গুবৰুৱা উৰি আহি সেই সমাজৰ মাজতে পৰিলহি। সকলোৱে—ছিঃ ছিঃ খেক্ খেক্‌ কৰিবলৈ ধৰিলে। ৰজাই কলে—“ইমান ঘিণ কিয়? বৰুৱাৰ লগলৈ বৰুৱা আহিছে ভাল কথাহে আৰু! তোমালোকক ময় মাতিহে আনিছো, সিতো বেচেৰা নমতাকৈয়ে আহিছে। মোৰ উচিত ময় তাক বেছি সমাদৰ কৰা।” এই বুলি ৰজাই গুবৰুৱাটো লৈ তাৰ পৰা আতৰ হ’ল।

⸺০০⸺

ছপ ছপ মুৰীয়া।

 এটা বুঢ়াই মৰিবৰ সময়ত তিনটা পিতেকৰ সৈতে বহুতো ধন সম্পত্তি এৰি থৈ গৈছিল। আৰু সিহঁতক কৈ গৈছিল যে

৪২