সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

মহাৰাজ! কিন্তু আগেয়ে অলপ আগধন নেপালে তেনেকুৱা ঘোড়া অনাই টান! ৰজাই তৎক্ষণাত সিহঁতক কিছুমান আগধন দি বিদায় দিলে। ইয়াৰ কেদিনমান পাছতে—এদিন ৰজাই মন্ত্ৰীক কলে যে—“মোৰ ৰাজ্যত যিমানবোৰ আহাম্মখ আছে-মানে সকলোৰে নামৰ এখন তালিকা কৰি আনি মোক দেখুৱাবহি লাগে।” পাছ দিনা মন্ত্ৰীয়ে সেই দৰে এখন তালিকা কৰি ৰজাৰ আগত দিলেহি। ৰজাই প্ৰথমেই নিজৰ নামটোকে দেখা পাই মন্ত্ৰীক সুধিছে—“এক নম্বৰৰ আহাম্মখ কোন?”

মন্ত্ৰী— মহাৰাজেই!
ৰজা— কেনেকৈ?
মন্ত্ৰী— সিদিনা যে মহাৰাজে আগগুৰি একো নোসোধাকৈ সেই ঘোড়া আনা মানুহকিটাক সিমানবোৰ ৰূপ দিলে, আপুনি জানো আগেয়ে সিহঁতৰ কিবা আশৈ পাইছিল? সিহঁত কৰ মানুহ কলৈ গল তাৰ কি থিক আছে! এতিয়া যদি সিহঁতে আপোনাৰ ওচৰলৈ ভুমুকি এটাও মাৰিবলৈ নাহে আপুনি জানো সিহঁতক কিবা কৰিব পাৰিব?
ৰজা— বাৰু সেই বাবে ময় আহাম্মখ হলোঁ! আৰু যদি সিহঁতে মোক ঘোড়া আনি দিয়েহি তেন্তে কোন আহাম্মুখ হব? তুমি হবানে নোহাৱা?
মন্ত্ৰী— ময় কিয় হম মহাৰাজ? তেতিয়া আহাম্মুখ হয় সিহঁত! কিয়নো যি ইমান সুবিধা পায়ো সিমানখিনি টকা হজম

৩৭