সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

ওলকচুৰ ৰসখিনি পি তাতে সেই কৰ্ম্ম কৰি থৈ যাব খোজোতেই কচুৰ ৰসে দিঙ্গিত ধৰি তিনি ভোবন দেখুৱাবলৈ ধৰিলে। গছত উঠি থকা মানুহটোৱে লৰালৰিকৈ নামি আহি সি চুই থোৱা সৰুপানীখিনিকে অ’ষধ বুলি খুৱাই পঠিয়াই দিলে! সেই শিক্ষা পাই চোৰ আৰু তালৈ নহা হ’ল।

ময় উঠিলে নুবুৰে।

 এদিন এজাক মানুহে সৰু নাও এখনেৰে নৈ এখন পাৰ হব লগীয়া হোৱাত বৰ মস্কিলত পৰিল। কাৰণ—নাও খনত পাছ-ছটাতকৈ বেছি মানুহ একেলগে উঠি পাৰ হব নোৱাৰে। কেটামান উঠাৰ পাছত এটা উঠিবলৈ যাওতে গুৰীয়ালটোৱে মনা কৰিছে—“হেৰ’ নুঠিবি, বুৰিব!” সি কলে—“থৱ’, তহঁত উঠিলে নুবুৰে, ময় উঠিলেহে বুৰিব?” সেই বুলি সি জাপ মাৰি নাওৰ ওপৰত উঠিল। তাকে দেখি আৰু এটা উঠিবলৈ ওলাল। তাকো গুৰীয়ালে আগৰটোৰ দৰে উঠিবলৈ মনা কৰিলে। সিও তেনেকৈ কৈয়ে উঠি গল। এই দৰে প্ৰত্যেকটাই—“দেৱ’ ময় উঠিলেও নুবুৰে” বুলি আটাই জাকেই উঠিল। অলপমান দুৰ যাওতেই কেনেবাকৈ লুটুং-পুটুং হোৱাত নাও বুৰি আটাই জাকেই পানী খাই দিহাদিহি যাবলৈ ধৰিলে!

৩৫