কলে। সি শুনি—একো থিক কৰিব নোৱাৰিলে যে—ইয়াৰ ভিতৰত কোনটো আচল অ’যধ? সি কাৰো কথা নেপেলাই সকলোৰে অলপ অলপ লৈ মিহলাই ৰাতি শুবৰ সময়ত তাৰে অলপ খহুটোৰ ওপৰত লগাই বাকী খিনি খাই শুই থাকিল। পুৱা সকলোৱে তাৰ শ-টোহে দেখা পালে!
“ভাগ্যে সঁচাটো মোৰ হাতত”!
এখন গাঁৱত এহাল গিৰিয়েক ঘৈণীয়েক আছিল। এদিন গিৰিয়েকটো কেনিবা ফুৰিবলৈ যাওঁতে চোৰে চল পাই আহি দিন দুপৰতে গহনাৰ পেৰাটো চুৰকৈ নিলেহি। যেতিয়া গিৰিয়েক ঘৰলৈ আহি ঘৈনীয়েকৰ মুখে সকলোখিনি শুনেহি, সি তেতিয়া ঘৈনীয়েকক দায় ধৰি বকিছে—“তাহঁতৰ ওপৰত দেখোন অকনো বিশ্বাস কৰিব নোৱাৰি! বা “বপুৰি ঘৰত নাই, পাছে পৰে ও নিখিছি”। এই বুলি কথাটোও কব নোৱাৰিলি? “ভাগ্যে সচাটো মোৰ হাতত”!
প্ৰসৱ বেদনা।
বাবু এজনৰ নিচেই অজলা, চাকৰ এটা আছিল। এবেলি বাবুৱণীৰ প্ৰসব বেদনা হওঁতে তাক ডাক্তৰ মাতি আনিবলৈ পঠিয়াইছিল। এই বেলি বাবু জনে পেটৰ কামোৰত তত নাপাই
২৭