ঢেক্ -খেল্ খেল্ খেল্ খেল্ বুলিয়েই সি কিছুমান হাঁহি ললে। দ্বিতীয়টোৱে কলে—“তয় সেই টোকেই বৰ দেখিলি! ময় যে সিদিনা এটা গাহৰিৰ বুধি দেখিছিলোঁ সেইয়া বুধিয়েহে বুধি! সি তাৰ গাৰ বোকাবোৰ এৰুৱাবলৈ অ’ত এনেকৈ গাটো ঘঁহে, ত’ত তেনেকৈ বাগৰটো লয়—” বুলি সিও নাৱতে বাগৰি জুগৰি গাৰ খজুৱতিটো গুচাই ললে! ইহঁতৰ এই কাণ্ডকাৰখানা দেখি, তৃতীয়টোৱে একো উপায় বুধি নাপাই—“হেৰ’ তহঁতেতো এটা এটা কলিয়েই, ময়নো কি কওঁ? মোৰ কবলৈ একো নাথাকিলেও— তোৰ কথাও মোৰ মূৰত থাওক, তাৰ কথাও মোৰ মূৰত থাওক” বুলি দুই হাতে দুচলু পানী মূৰত লৈ পাৰ হৈ গুচি গ’ল। সিহঁতেনো কি কৰিলে ঘাটৈয়ে একো গমকে ধৰিব নোৱাৰিলে।
সৰ্ব্ব নাশ।
কানীয়া এটাই হেঁতা এখনত অলপমান “পান” সিজাইছিল। সেই দৰে থাকোঁতে তাৰ অলপ টোপনি অহা যেন দেখি ওচৰৰ এটাই মাত লগালে—“মাৰাহে, কি চাই আছাঁ”? অৰ্থাৎ পান মাৰা। ই কানীৰ জালত হেটা খনৰ নালটোকে বৰশীৰ চিপ যেন ভাবি ওভোতাই লৈ মাৰি পঠিয়ালে কৰবাৰ বস্তু কৰবাত পৰিল গৈ। পাছে, চাই দেখে যে—সৰ্বনাশ।
১৯