বাটত যাওঁভে দুয়ো দুয়োকে কেনেকৈ ঠগিব পাৰি তাকেহে ভাবি গৈছে। হাটলৈ আৰু অলপমান দূৰ থাকোতে কল গুটি অনাটোৱে কেতুৰী অনাটোক কলে—“ভাই, মোৰ শৌচ কৰিব লাগিছে তুমি এখন্তক ইয়াতে ৰৈ মোৰ এই জালুকৰ ভাৰখন চাই থাকা চোন, ময় এতিয়াই আহিম”। এই বুলি ই শৌচ কৰিবলৈ গ’ল। কেতুৰী অনাটোৱে ভাবিলে যে—এই চলেই হে চল, ইমানতে ইয়াৰ জালুক ভাৰ সৰকাব নোৱাৰিলে মিচা হব। তাকে ভাবি সি জালুক ভাৰ লৈ হাটৰ ফালে নগৈ ঘৰলৈকে উভতি কোব ললে। সি যেতিয়া শৌচ কৰি আহি দেখিলে যে তাৰ জালুক ভাৰ লৈ সিটো কেনিবা গল, তেতিয়া তাৰ মনত বৰ ৰং লাগিল। ভাবিলে যে ময়তো খুব জিকিলোঁ। হাটলৈ গলে সিটোৱে লগ পাব ভাবি ইয়ে৷ ঘৰলকে উভতি গ’ল। দুয়ো যেতিয়া ঘৰ পালেগৈ ঘৈণীয়েক হঁতক নিজ নিজ বাহাদুৰীৰ কথা কৈ খুব এবকলা প্ৰশংসা ললে। দুয়োটাৰে ঘৈণীয়েকহঁতে যেতিয়া আঞ্জাত ‘জালুক-আদা’ দি প্ৰমানটো পালে যে সেইয়া কি বস্তু আৰু কি কৰোতে কি হ’ল, তেতিয়াহে গিৰিয়েকহঁতক জনালে। তেতিয়াৰ পৰা যেতিয়াই ইহঁত দুয়োটাৰে কৰবাত দেখা সাক্ষাত হয় তেতিয়াই দুয়ো মিচিকা–মিচিক কৈ হাহিবলৈ ধৰে, আচল কথা কিন্তু কোনেও কাৰো আগত নকয়। পাচলৈ গৈ দুয়োৰে ভিতৰত বৰ মিল হ’ল, আৰু ঠগ বিদ্যাটোও দুয়ো একেবাৰে এৰি পেলালে।
১৫