আৰু কেনেকৈ খাব লাগে তাক নেজানি গছ এজোপাৰ তলতে বহি কামুৰি কামুৰি খাবলৈ ধৰিলে। কেঁচা কঠালৰ আঠাই তাৰ ডাঢ়িয়ে গোফে কেউফালে ভালকৈ জপতিয়াই লাগি ধৰিল। সি কোনো ৰকমেই এৰুৱাব নোৱাৰি কেটামান মানুহক তাৰ উপায় সুধিলে। মানুহ কিটাই খুৰাই পেলোৱাটোৱেই খুব ভাল উপায় বুলি কোৱাত সিও তাকে কৰিলে। তেতিয়াৰ পৰা সি যেতিয়াই কোনো ডাঢ়ি খুৰুৱা মানুহ লগ পায় তেতিয়াই তাক এই বুলি সাৱত মাৰি ধৰেগৈ যে—“দোচ, তোমভি কাঠাৰ খায়া ৰহা”! তাৰ মনেৰে ডাঢ়ি গোফ খুৰুৱা মানুহ মাত্ৰেই এদিন কঠাল খাইছিল!
ভাগ-সমানেই!
এখন গাৱঁৰ মানুহ এটাই কেতুৰী কিছুমান সুকুৱাই লৈ হাট এখনত আদা বুলি বেছিবলৈ নিছিল। আৰু এটা মানুহেও সেই দৰে কিছুমান আঠীয়া কলৰ গুটি জালুক বুলি বেছিবলৈ আনিছিল। বাটতে দুয়োৰো দেখাদেখি হ’ল। কেতুৰী অনাটোৱে কলগুটি অনাটোক সুধিলে—“ভাই তুমি সেইয়া কি বেছিবলৈ আনিছা”? সি কলে—“নকবা আৰু বুইছানে, ইয়াকেই বোলে ‘চিনা জালুক’। তোমাৰ সেইয়া কি”? ই কলে “মোৰ এইয়া ‘জাপানী আদা’।” এই বুলি দুয়ো আকৌ যাবলৈ ধৰিলে।
১৪