সমললৈ যাওক

পৃষ্ঠা:মজাৰ কথা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মজাৰ গল্প
 

মিকিৰটোৱে দুচলুমান পানী লৈয়ে চিঞৰি বাখৰি— “গৰীয়া গোঁসায়েহে গোঁসাই ঔ, আমাৰ গোঁসাইত একো নাই” বুলি জাপৰ ওপৰত জাপ দি ঢাপলি মেলিলে!


“ৱ”-পঢ়িব কেতিয়া?

 এদিন গাঁৱলীয়া মানুহ এটা চহৰলৈ আহি চিনাকি ল’ৰা এটা লগ পাই সুধিলে—“বপা! আজি কালি ককায়েৰা ক’ত”?

 ল’ৰা—কলিকতাত।

 মানুহ—কি কৰে?

 ল’ৰা—“ল”—পঢ়ে।

 শুনি মানুহটো আচৰিত হ’ল। কিয়নো দহ বাৰ বছৰৰ পৰা তেওঁক এই জিল্লাতে পঢ়া দেখি আহিছে। ইংৰাজীতো হেনো “পাছ” হ’ল। এতিয়ানো সামান্য ‘ল’ এটা পঢ়িবলৈকে কলিকতালৈ যাব লগীয়া হলনে? ইমান দিনে “ল” পঢ়া শুনি ল’ৰাটো গাধা যেন ভাবি তাৰ খঙ্গ উঠিল। সুধিলে—“ইমান দিনেও যদি “ল” কেহে পৰিছে তেন্তে “ৱ” পঢ়িব কেতিয়া”?