সমললৈ যাওক

পৃষ্ঠা:ভোগ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

२७ ভোগ। শ্ৰীকৃষ্ণক হিন্দুৱে বিষ্ণুৰ পূৰ্ণ অৱতাৰ বুলি মানে ৷ ভাগৱতৰ মতে দশম অৱতাৰ ! এওঁৰ নাম সহস্ৰাধিক ; জীৱনৰ একো একোটি ঘটনাকে লীলা বোলে । এওঁৰ লীলা কীৰ্ত্তন কৰাই বৈষ্ণৱৰ ধৰ্ম্ম। এওঁৰ লীলাৰ সমষ্টিয়ে দ্বাদশ স্কন্ধ ভাগৱত আৰু তাৰ পৰাই উলিওৱা অসমীয়া কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী আদি পুথি ৷ সকলে৷ হিন্দুৱে কৃষ্ণৰ নাম উচ্চাৰণ কৰি মৰিব পাৰিলে ঘুৰাই জনম নহয় বুলি আজি লৈকে বিশ্বাস কৰে ।