পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹

 শ্যেক্সপিয়েৰৰ নাটবোৰ পঢ়ি আমনি যে নেলাগেই নাটবোৰ পঢ়ি মনত হয় যেন শ্যেক্সপিয়েৰ বিংশতি শতাব্দীৰ আমাৰ সমসাময়িক হে। তেওঁ যি লেখিছিল যদিও প্ৰায় তিনিশ বছৰৰ আগৈয়ে লেখিছিল, তেওঁ মনত হয় আজি কালি হোৱাৰ কথাহে যেন লেখিছে। তেওঁ কোনো, জাতিগত কি ব্যক্তিগত কথা লেখি তেওঁৰ নাটবোৰ ৰচনা কৰা নাই। তেওঁৰ নায়ক নায়িকাবোৰ আৰু নাটৰ আন আন character বোৰ সকলে। জাতিৰ ভিতৰত সকলো সময়ত পোৱা যায়।

 তেওঁৰ লেখা ইংৰাজী ভাষাৰ সৰ্ব্বপ্ৰধান অলঙ্কাৰ। আমি কওঁ যে, শ্যেক্সপিয়েৰ যদিও ইংলণ্ডত জন্মগ্ৰহণ কৰিছিল— সকলো পৃথিবীয়ে তেওঁক নিজৰ বুলি কব পাৰে। আমি হ’লে তেওঁক ইংৰাজ কবি বুলি কব নোখোজোঁ। তেওঁ এই গোটেইখন জগতৰ কবি। এই খিনিতে কবিৰ সংক্ষিপ্ত জীৱনী দি এই পাতনি সামৰোঁ।

 ওৱাৰিকশ্বিয়েৰৰ ষ্ট্ৰেট্ফৰ্ড বুলি এখন ঠাইত খ্ৰীষ্টীয় ১৫৬৪ চনৰ এপ্ৰিল মাহত শ্যেক্সপিয়েৰৰ জন্ম হয়। তেওঁৰ পূৰা নাম উইলিয়েম শ্যেক্সপিয়েৰ। এই শ্যেক্সপিয়েৰৰ জন্মস্থান বুলি ষ্ট্ৰেট্‌ফৰ্ড আজি জগৎ বিখ্যাত। এই ঠাইৰ নৈখনৰ নাম এভন্‌। ইংলণ্ডত ষ্ট্ৰেট্ফৰ্ড বুলি আন ঠাই থকাৰ গুণে এই ঠাইক ষ্ট্ৰেট্‌ফৰ্ড-অন্-এভন্‌ বুলি কোৱাঁ হয়। তেওঁৰ পিতাক জন্ শ্যেক্সপিয়েৰৰ আৰ্থিক অৱস্থা উইলিয়ম ওপজাৰ কেবছৰমানৰ পাছত বেয়া হয়। উইলিয়েম শ্যেক্সপিয়েৰ তেওঁৰ জীৱনৰ শেহ কেটা দিন যদিও সঙ্গতিশালী আছিল, তত্ৰাচ পিতাকৰ আৰ্থিক অৱস্থাৰ পৰিবৰ্ত্তন হোৱাৰ গুণে তেওঁ সকলো ৰকম অৱস্থাৰ সোৱাদ পাইছিল।

 তেওঁৰ জীৱনী সম্বন্ধে সৰহ কথা গোটোৱা হোৱা নাই। যিবোৰ হৈছে, তাৰ কিছু অমূলক বুলিও মনত হয়। এনে এটা কথা প্ৰচলিত