পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
অষ্টম অধ্যায়।

নাথাকিলোঁহেঁতেন। সেই দেখি এইবাৰ মই মোৰ শৰীৰ, আত্মা আৰু জামিন দি কৈছোঁ যে, বেচানিৱে কেতিয়াও তেওঁৰ প্ৰতিজ্ঞা ভঙ্গ নকৰে। মই সেই বাবে দায়ী।”

 “বাৰু এণ্টোনিও ডাঙৰীয়া, আপুনি যদি জামিন হয়, তেনেহলে মই তেওঁক ক্ষমা কৰিলোঁ। বাৰু সেই আঙ্গঠি গ’ল গ’ল, আৰু এটা আঙ্গঠি মই তাৰ বদলে দিওঁ, এইটো যেন তেওঁ ভালকৈ সাৱধানে ৰাখে।”

 তাৰ পাছত নেৰীচাইও গ্ৰেটিয়ানোক এটা আঙ্গঠি দিলে।

 বেচানিও, গ্ৰেটিয়ানো দুইও বিচুৰ্ত্তি হ’ল তেওঁলোকৰ আঙ্গঠি দুটাই যে এই দুটা।

 সকলো কথা তেতিয়া ভাঙি কোৱা হ’ল। তেতিয়া সকলোৰে মহা আনন্দ। আকৌ পোৰ্শ্বিয়া বেচানিও, আৰু নেৰীচা গ্ৰেটিয়ানোৰ মিল হল। তেতিয়াই এণ্টোনিৱে খবৰ পালে যে, যি জাহাজ তেওঁৰ সদাগৰী বস্তুৰে সৈতে নিৰুদ্দেশ হৈছিল, সেই জাহাজৰ উদ্দেশ আকৌ পোৱা হ’ল। আকৌ নিৰাপদে ভেনিচৰ ফালে সেই জাহাজবোৰ আহিব লাগিছে। সেই আনন্দৰ বাতৰিৰ ওপৰত আৰু এটা আনন্দৰ বাতৰি লৰেঞ্জো আৰু জেচীকাক দিয়া হ’ল যে, বুঢ়া শ্বাইলকৰ মৃত্যুৰ পাছত বুঢ়াৰ সকলো সম্পত্তি তেওঁলোক দুজনে পাব। তেতিয়া সকলোৰে আনন্দৰ ওপৰত আনন্দ হ’ল।