পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ভেনিচৰ সাওদ।

জানিলাহেঁতেন, তুমি মোৰ ওপৰত মিছাতে ইমান খং কেতিয়াও নকৰিলাহেঁতেন।”

 পো— “তুমি যদি সেই আঙ্গঠিৰ মাহাত্ম্য কি, সেই আঙ্গঠি দিয়া মানুহৰ কি মনৰ ভাব, অথবা সেই আঙ্গঠি তোমাৰ লগত ৰাখিবলৈকে বা তোমাৰ কি দায়িত্ব, কি ভদ্ৰতাৰ ডোলৰে আবদ্ধ তুমি, যদি জানিলাহেঁতেন, কেতিয়াও তুমি আঙ্গঠিটো নিদিলাহেঁতেন; আৰু এনে আচৰিত মানুহেই বা পৃথিবীত কোন আছে যাক অলপ বুজাই কোৱাহেঁতেন এনে এটা বস্তু খুজিলেহেঁতেন। নেৰীচাই যি কৈছে সঁচা— কৰ মানুহক দিছা, সি কেতিয়াও নহয়; নিশ্চয় তুমি এজনী তিৰুতাক হে দিছা; নেৰীচাই যি কৈছে সঁচা।”

 বেচানিও— “সত্যে কৈছোঁ, যি আইনজ্ঞ পণ্ডিতজনে বন্ধুবৰ এন্টোনিওক ৰক্ষা কৰিলে সেই তেওঁকে দিলোঁ। তেওঁক তিনি হাজাৰ ডকাট ৰূপ, দিব খোজাতো টকা নলৈ আঙ্গঠিটোহে খুজিলে। কিমান বুজাই ক'লো নুশুনিলে; আৰু পোৰ্শ্বিয়া তুমি তাত থকা হলে তুমি নিজেই আঙ্গঠিটো মোৰপৰা খুজি লৈ গৈ বেৰিষ্টৰজনক দিলাহেঁতেন।”

 এনে তৰ্কবিতৰ্ক হৈ থাকোতে এণ্টোনিৱে তেওঁৱেই যে এই গিৰিয়েক ঘৈণীয়েকৰ ভিতৰত বিসম্বাদৰ কাৰণ তাক ভাবি পোৰ্শ্বিয়াৰ ওচৰত ক্ষমা ভিক্ষা কৰিলে।

 সেই খিনিতে বেচানিৱে মাত লগালে যে, এই বাৰ যদি পোৰ্শ্বিয়াই তেওঁক ক্ষমা কৰে, তেওঁ সত্যে সত্যে তিনি সত্য খাই কৈছে তেওঁ আৰু যি প্ৰতিজ্ঞা কৰে তাৰ অন্যথা নহয়।

 এণ্টোনিৱে ক'লে, “মই এবাৰ বন্ধু বেচানিওৰ বাবে মোৰ শৰীৰ দিবলৈ প্ৰস্তুত হৈছিলোঁ। যি জনে আপোনাৰ আঙ্গঠি ল'লে সেই তেওঁ তাত থাকি আমাৰ ফলীয়া নোহোৱা হ'লে এতিয়া মই ইহলোকত