পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
অষ্টম অধ্যায়।

এতিয়াও সেই আঙ্গঠিটো তেওঁ পিন্ধি আছে আৰু সমগ্ৰ পৃথিবীৰ ঐশ্বৰ্য্য যদি এফালে থাকে, তেওঁ সেই ঐশ্বৰ্য্যকো হেয় জ্ঞান কৰি আঙ্গঠিটো ৰাখিব, কেতিয়াও কাকো নিদিয়ে বা নেহেৰুৱায়।”

 বেচানিৱে তেতিয়া বিষম ভাবি মনে মনে কবলৈ ধৰিলে, “মই এই বাওঁ হাতখন কাটি পেলোৱাহেঁতেনেই ভাল আছিল। তেনেহলে এনেকৈ কব পাৰিলোহেঁতেন যে হাতখন ৰক্ষা কৰিবলৈ যাওঁতে আঙ্গঠিটো হেৰুৱালোঁ।”

 গ্ৰেটিয়ানোৱে তেতিয়া আন একো উপায় বিচাৰি নেপাই ক'লে,— “বেচানিও ডাঙৰীয়াইও তো তেওঁৰ আঙ্গঠি দিছে, তেওঁ জজক দিলে আৰু মোৰ আঙ্গঠিটো কেৰাণীটোৱে খুজি লৈ গ’ল। সিহঁতৰ দুটাৰ এটায়ো টকা নলৈ আঙ্গঠি দুটা হে লাগে বুলি ক'লে।”

 তেতিয়া পোৰ্শ্বিয়াই বেচানিওক শুধিলে, “কোন আঙ্গঠি, ডাঙৰীয়া? কোন আঙ্গঠিটো আপুনি দিলে? মই আপোনাক দিয়াটো কেতিয়াও নহয়। হয় নে?”

 বেচানিও— “মই যদি দোষ এটা কৰি মিছা কথা কব জানিলোঁ- হেঁতেন তেনেহলে কলোহেঁতেন সেই আঙ্গঠিটো নহয়, আন এটা আঙ্গঠি দিলোঁ। কিন্তু চোৱাঁ মোৰ আঙ্গুলিত সেই আঙ্গঠিটো নাই।”

 পো— “তোমাৰ হৃদয় মিছাৰে পৰিপূৰ্ণ, সত্যৰ লেশমাত্ৰ নাই। সেই আঙ্গঠি মোক আকৌ তুমি দেখুৱাব নোৱাৰালৈকে তোমাৰে সৈতে গৃহবাস নকৰোঁ।”

 এই কথা শুনি নেৰীচায়ো গ্ৰেটিয়ানোক ঠিক তাকে কলে। বেচানিৱে কত বুজাবলৈ চেষ্টা কৰি ক'লে, “তুমি যদি জানিলাহেঁতেন মই কিয়, কাৰ বাবে, কাক আঙ্গঠিটো দিছোঁ; আৰু সেই আঙ্গঠিটো দিওঁতে কিমান মৰ্মান্তিক কষ্ট মোৰ হৈছিল— তুমি যদি সকলো কথা