পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পুৱা হওঁ-হওঁ হওঁতে বেচানিও আৰু গ্ৰেটিয়ানো, এন্টোনিওৰে সৈতে বেলমন্ট পালেহি।

 এওঁলোক আহি পোৱাৰ আগৈয়েই পোৰ্শ্বিয়াই লৰেঞ্জো, জেচীকা আৰু চাকৰ-নাকৰবিলাকক তেওঁ আৰু নেৰীচা যে ঘৰত নাছিল, এই কথা কাকো কবলৈ মানা কৰিলে। তেওঁলোক ভেনিচলৈ যাবৰ সময়ত কৈ গৈছিল যে, তেওঁলোেক স্বামী দুজনৰ আৰু বন্ধু এন্টোনিওৰ মঙ্গলাৰ্থে ধৰ্ম্মন্দিৰত পূজা কৰিবলৈ যায়। আৰু সি যে এক ৰকম সঁচা, পাঠকসকলে দেখিছে।

 বেচানিৱে এন্টোনিওৰে সৈতে পোৰ্শ্বিয়াৰ চিনাকী কৰি দিলত তেওঁলোকৰ সাদৰ সম্ভাষণ হৈ থাকোতেই তেওঁলোকে গ্ৰেটিয়ানো আৰু জেচীকাৰ মাজত তৰ্ক হোৱাৰ শব্দ পালে।

 পোৰ্শ্বিয়াই কলে, “কি, আহি পাওঁতে-নেপাওঁতেই কাজিয়া আৰম্ভ কৰিলা দেখোন? কি হৈছে কি?

 গ্ৰেটিয়ানোই কলে, “এটা সামান্য আঙ্গঠি লৈ আমাৰ তৰ্ক লাগিছে। সেইটো মোক নেৰীচাই দিছিল; তাৰ ওপৰত আকৌ লেখা আছিল, “ভাল পাবা, নেৰিবা মোক।” মই চন্দ্ৰক আগত থৈ শপত খাই কৈছোঁ, নেৰীচা, সেই আঙ্গঠিটো মই কোনো তিৰুতাক দিয়া নাই। সত্যে সত্যে কৈছোঁ, মই আঙ্গঠিটো জজৰ কেৰাণীটোক দিলো।

 গ্ৰেটিয়ানোৱে বুজাবলৈ ধৰিলে, নেৰীচাই নুবুজিলে। তেতিয়া পোৰ্শ্বিৰাই গ্ৰেটিয়ানোক খং কৰি কলে, “সঁচা তো, তোমাক যেতিয়া নেৰীচাই সেই আঙ্গঠিটো মৰম কৰি দিছিল আৰু বিশেষকৈ সেই আঙ্গঠিটোৱেই তোমাৰ ঘৈণীয়াই তোক প্ৰথমে দিয়া বস্তু; তুমি যত্নেৰে সাদৰেৰে তাক ৰখা উচিত আছিল। বাৰু চোৱাঁচোন, মোৰ স্বামীকো মই এটা আঙ্গঠি দিছিলোঁ। মই নিশ্চয়কৈ কৈছোঁ যে,