পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অষ্টম অধ্যায়

 “বস্তু দিবৰ মন নাথাকিলে বহুতো মানুহে এনেবোৰ কথা, কৈ সাৰে। আমাৰ এনে কথা শুনা আছে; যাওক, আপোনাৰ ঘৈণীয়েক বলিয়া নে কি যে যি জনে আপোনাসকলক এনে বিপদৰপৰা উদ্ধাৰ কৰিলে তেওঁক এনে এটা তুচ্ছ বস্তু দিয়াত আপোনাৰ ওপৰত খং কৰিব। বাৰু ডাঙৰীয়া, সুখে থাওক, এতিয়া, বিদায়।”

 এই বুলি পোৰ্শ্বিয়া আৰু নেৰীচা গুচি গ'ল।

 তাৰ পাছত বেচানিৱে এণ্টোনিওৰ অনুৰোধত আঙ্গঠিটো বেৰিষ্টৰজনক দিবলৈ গ্ৰেটিয়ানোৰ হাতত পঠিয়াই দিলে।

 পোৰ্শ্বিয়াই আঙ্গঠিটো ললত নেৰীচাইও পোৰ্শ্বিয়াৰ পিনে হাঁহি চাই ক’লে, “বাৰু চাওঁচোন, গ্ৰেটিয়ানোৰপৰা মই দিয়া আঙ্গঠিটো উলিয়াব পাৰোঁ নে নোৱাৰোঁ।”

 নেৰীচাও কৃতকাৰ্য্য হল।

 ইপিনে বেচানিওহঁত বেলমণ্ট পোৱাৰ আগৈয়েই পোৰ্শ্বিয়া আৰু নেৰীচাই গৈ সাজ সলাই তেওঁলোকৰ গিৰিয়েক আৰু বন্ধু এণ্টোনিওৰ অভ্যৰ্থনাৰ আয়োজন কৰিবলৈ ধৰিলে।

 যি ৰাতি পোৰ্শ্বিয়া আৰু নেৰীচা ভেনিচৰপৰা গৈ বেলমণ্ট পালে, সেই ৰাতি সুন্দৰ স্নিগ্ধকৰ জোনাকেৰে বেলমণ্ট ভৰি গৈছিল; আৰু বিশেষকৈ পোৰ্শ্বিয়াৰ বিতোপন ঘৰত জোনাকৰ সৌন্দৰ্য্য আৰু বাঢ়িছিল। নতুন প্ৰেমিক প্ৰেমিকা লৰেঞ্জো আৰু জেচীকাই এই জোনাক ৰাতি বাহিৰত বহি প্ৰেমিক প্ৰেমিকাই হে যেনে কথা পাতিব জানে, তেনেকৈ কথা পাতি আছিল। বেচানিও বন্ধুৰে সৈতে আহি বেলমণ্ট পাব বুলি বাতৰি পোৱাত বাদ্যকৰসকলে সুমধুৰ সঙ্গীতাদি কৰিবলৈ ধৰিলে।