পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৷৹

বিলাকক, বিশেষ ইংৰাজী ভাষাক, চহকী কৰি আছে। মোৰ দোষো নাই, গুণো নাই। অসমীয়া মানুহক এইবোৰ কিতাপ পঢ়ি এই জগৎকবিজনৰ গ্ৰন্থবোৰৰ অলপ সোৱাদ দিবৰ ইচ্ছাৰেহে এই কিতাপবোৰ সাহ কৰি উলিয়াইছিলোঁ।

 এই কিতাপখনি এইবাৰ বঢ়াবৰ ইচ্ছা আছিল, কিন্তু বঢ়াই ছপাখানাক সৰহ পৰচা দিবৰ ইচ্ছা নকৰি, এই দ্বিতীয় পাতনি আৰু নাটৰ ভাৱৰীয়া ভাৱৰীয়ানী সকলৰ নাম দিয়েই এই বাৰৰ নিবেদন সাং কৰিলোঁ।

 ভাৱৰীয়া সকলৰ নাম দিয়াৰ বাবে কলেজৰ ছাত্ৰ সকলেও এই কিতাপ পঢ়ি অলপ উপকাৰ পাব এই আশা কৰিলোঁ। এই সকলোবিলাক ভাৱৰীয়া আমাৰ ভেনিচৰ সাওদত নোলায়, কিন্তু শিক্ষিত মানুহৰ এই নামবোৰৰ সৈতে চিনাকী থকা ভাল। মূল কিতাপত কোন কোন অঙ্কত এওঁলোক ওলায়, তাকো দিয়া গ’ল। শ্বাইলক, পোৰ্শ্বিয়া, এন্টোনিও, বাচানিও, লোৰেঞ্জো, জেচিকা ইত্যাদিৰে সৈতে আমাৰ দেশৰ লৰা-ছোৱালীবিলাকৰ আৰু ভালকৈ চিনাকি হ’ব এই আশা ৰাখিলোঁ।

 মোৰ পাঠকপাঠিকা সকলক, বিশেষ লৰা-ছোৱালী সকলক, মোৰ আন্তৰিক শুভ ইচ্ছা জনাওঁ।

আৰ্ল ল কলেজ,
গুৱাহাটী;
২৭ জুলাই, ১৯২৫।
শ্ৰীজ্ঞানদাভিৰাম বৰুৱা