পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মোৰ দ্বিতীয়বাৰৰ নিবেদন।

⸺:⁎:⸺

 ১৯১২ খৃষ্টাব্দত ভেনিচৰ সাওদ অসমীয়া ভাষাত উলিউৱা হৈছিল। পাঁচ শ খন ছপাইছিলো। তাৰে কেবাখনো বন্ধু-বান্ধব, আত্মীয়-স্বজন, সুপৰিচিত, অলপ পৰিচিত মানুহক দিওঁতে গ'ল। কেবাখনো কোনো কোনো মানুহক বেচিব দিয়া হৈছিল। ১৯১৫\১৬ খৃষ্টাব্দৰ পৰা মানুহে এখন দুখন ধন দি কিনিবলৈ আৰম্ভ কৰে। কেবাখনো পোকে কাটি পেলায়। দুখন এখন এনেকৈ মানুহে কিনাৰ নিমিত্তে আৰু ওপৰত কোৱা কাৰণবোৰৰ নিমিত্তে কিতাপবোৰ এতিয়া নিঃশেষ হল— সেই দেখি আকৌ ছপাবলৈ আগ বাঢ়িলোঁ।

 মোৰ আসামত কিতাপ বেচি ধন ঘটা মানুহ অতি কম। মোৰ ইচ্ছা আছিল যে, শ্যেক্সপিয়েৰৰ সকলো নাটবোৰ এনেকৈ অসমীয়ালৈ ভাঙ্গি উলিয়াওঁ। সেই ভাবৰ বশবৰ্তী হৈ “পঞ্চৰত্ন” বুলি আৰু এখন কিতাপ ১৯১৯ খৃষ্টাব্দত উলিয়াইছিলোঁ। সেই কিতাপখনিত চমুকৈ শ্যেক্সপিয়েৰৰ পাচখনি নাটৰ বিষয়ে লেখা হৈছিল। ভেনিচৰ সাওদৰ যেনে অৱস্থা এই পঞ্চৰত্নৰো তেনে অৱস্থা। ভেনিচৰ সাওদৰ দ্বিতীয় তাঙ্গণ তেৰ বছৰৰ পাছত উলিয়াইবলৈ আগ বাঢ়িছোঁ —পঞ্চৰত্বৰ দ্বিতীয় তাঙ্গণ ১৯৩৯ খৃষ্টাব্দত চাগৈ উলিয়াম! যদি জীয়াই থাকোঁ।

 কিতাপ বেচা নেহোৱাৰ কথা সাহ কৰি লেখিছোঁ —এই কাৰণে, যে মোৰ এইবোৰ কিতাপবোৰৰ দোষৰ বাবে গালি, গুণৰ বাবে প্ৰশংসা পাবৰ অধিকাৰ নাই; দোষ গুণ শ্যেক্সপিয়েৰৰ। যি শ্যেক্সপিয়েৰে আজি তিনিশ বছৰৰকৈও সৰহ দিন আমাৰ এই পৃথিবীৰ সুসভ্য ভাষা-