ভূমিকা
সাধুকথাৰ পুথিয়ে লৰা-ছোৱালীৰ মনত আনন্দ বিধান কৰে। এই উদ্দেশ্য লৈয়েই সচৰাচৰ সাধু কথা ৰচিত হয়। ঈছপৰ সাধুকথাৰ উদ্দেশ্য অলপ বেলেগ আছিল। সেইবোৰ সাধুকথাই মনত আনন্দ সৃষ্টি কৰাৰ লগে লগে একোটা নীতিকথাও মনত চিৰকালৰ বাবে ৰৈ যোৱাকৈ সাঁচ বহুৱাই দিয়ে।
‘ভেকো ভাওনা’ নামৰ এই পুথিখন যদিও সাধুকথাৰ, তথাপি তাৰ সাধুবোৰত আগৰ গতানুগতিকতা নাই। মানুহৰ প্ৰকৃতিৰ লগত জীৱজন্তুৰ প্ৰকৃতিৰ মিল খুৱাই মানুহৰ ধূৰ্ত্তালি, শঠতা আৰু দুষ্টবুদ্ধিও সিহঁতৰ জৰিয়তে প্ৰকাশ কৰি লেখকে এই সাধুবোৰ ৰচনা কৰিছে। ইয়াৰ পৰা কোমলমতি লৰা-ছোৱালীৰ মনত বিভিন্ন প্ৰকৃতিৰ সাঁচ বহিব আৰু প্ৰকৃতিৰ ভালবেয়া বুজিব পৰা হ’ব। বান্দৰ-শিয়ালৰ ধূৰ্ত্তালি, শহাপহু আদিৰ বুদ্ধি-সন্ধিক কেন্দ্ৰ কৰিয়েই সাধুকথাবোৰ ৰচিত হৈছে আৰু সেইবোৰত আধুনিকতা সুমাবৰ বাবে সময় উপযোগী বিষয়-বস্তুৰ সমাবেশ কৰা হৈছে। এইবাবেই বান্দৰক টেলিগ্ৰাম দিব পৰা আৰু লটাৰীৰ টকা ক’অপাৰেটিভ্ বেঙ্কৰ পৰা উলিয়াবলৈ সমৰ্থ হোৱাৰ কথা আছে। শিয়ালে চাইকেল চলোৱা কথাও কোৱা হৈছে।
গতিকে এই নতুন পৰিৱেশত লেখা এই সাধুকথাবোৰ লৰা-ছোৱালীৰ বাবে শিক্ষা আৰু আনন্দৰ বাহন হ’ব বুলি আশা কৰা হৈছে। প্ৰকাশন পৰিষদৰ অৰ্থ-সাহায্যত কিতাপখন প্ৰকাশ হৈছে।
গুৱাহাটী |
শ্ৰীবিশ্বনাৰায়ণ শাস্ত্ৰী |