সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কন্দল

 কন্দল লাগিল—শিয়াল আৰু বান্দৰ দুই সখিৰ মাজত। বৰ ডাঙৰ নহয়। এখন সৰু চুৰ্চুৰীয়া কন্দল। ইমান নলে গলে লগা দুই বন্ধুৰ মাজত কন্দল লগা কথাটো ওপৰে ওপৰে ভাবি চালে আচৰিত যেন লাগে যদিও দ-কৈ ভাবি চালে কিন্তু কথাটো তিলমানো আচৰিত নহয়। কাৰণ, সদায়েই বুকুত সাৱটি লৈ থকা বাটিটোৱেই চোন কেতিয়াবা কাঁহীখনৰ লগত খুন্দিয়া-খন্দি কৰে। চাবলৈ গলে, সেয়াও এক কন্দলেই। এতেকে শিয়াল-বান্দৰে কন্দল লগাতনো কি বৰ মহাভাৰতখন অশুদ্ধ হোৱা কথাটো হল? নাই হোৱা। একো নাই হোৱা। শিয়াল-বান্দৰৰ কন্দল লাগিলো, ভাগিলো, হল কথা গল, এতিয়া আৰু সিহঁতৰ কোনেও সেই কন্দলখনৰ কথাটো মনত পুহি ৰখা নাই। সিহঁতে এতিয়া আগৰ দৰেই একেলগে খাইছে বইছে, হাঁহিছে মাতিছে, ফুৰিছে চাকিছে, আছে।

 কিন্তু, সৰু চুৰ্চুৰীয়া হলেও এই কন্দলখননো লাগিল কিহৰ পৰা?

 এৰা, এই কন্দলখনৰ বিষয়ে সুধিবলগীয়া আৰু কবলগীয়া যদি কিবা আছে তেন্তে এইটোহে। তাকেই এতিয়া কব খুজিছোঁঃ

 আৰাম আৰু আত্মসন্মান দুটা বেলেগ বস্তু, আৰাম হাৰাম হব পাৰে। কিন্তু আত্মসন্মান তেনে নহয়। আত্মসন্মান ব্যক্তিৰ নিজস্ব এটা পৰম সম্পদ। আৰামত ব্যাঘাট জন্মিলে সহ্য কৰিব পাৰি। কিন্তু আত্মসন্মানত যদি আঘাট লাগে? সহ্য কৰিব পাৰি জানো? নোৱাৰি। কেতিয়াও নোৱাৰি। আত্মাভিমানী শিয়ালৰ আত্মসন্মানত আঘাট লগা হেতুকেই সৰু চুৰ্চুৰীয়া হলেও অপ্ৰত্যাশিত এই কন্দলখন লাগিল শিয়াল আৰু বান্দৰৰ মাজত।