সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কেৰামতালি

অৱশেষত দ্বিতীয় কাঠিটো মাৰি বান্দৰে মুখৰ বিড়িটো জ্বলালে। জ্বলা বিড়িটোত দীঘলকৈ হোঁপা এটা মাৰি এমোকোৰা ধোঁৱা সি নাকে-মুখে উলিয়াই তালৈ চকু টিপ নমৰাকৈ চাই থকা বিৰাট জনতাক অবাক কৰি দিলে। কাণ্ড দেখি জনতাৰ মুখৰ মাত হৰিল। এয়াই বিড়ি! আৰু ইয়াক এনেকৈয়ে খায়!!—বিস্ময়াভিভূত হৈ জনতাই মনে মনে ভাবিলে। তাৰ কেৰামতালিত আত্ম-তুষ্টি লাভ কৰি বান্দৰে বিড়িটোত আৰু এহোঁপা মাৰিলে। তাৰ পিচত আৰু এহোঁপা। তাৰ পিচত .......।

 তাৰ পিচত আৰু, এহোঁপা মাৰিয়েই বান্দৰ হঠাতে বহাৰ পৰা জাপ মাৰি ঠিয় হল। কিবা এটা গৰম বস্তুৱে তাৰ নেগৰডাল এফালৰ পৰা পুৰি আনিবলৈ ধৰা যেন তাৰ অনুমান হল। এই অনুমান সত্যত, একেবাৰে জীয়া সত্যত পৰিণত হল যেতিয়া সি দেখিলেযে, তাৰ নেগুৰডালত জু‍ই লাগিছে। সেই আধা নুমাই যোৱা জুইচলা কাঠিটোৱেই, দলি মাৰি দিয়াত তাৰ নেজৰ ওপৰতে পৰি উমি উমি পুনৰ জ্বলি উঠিল। পোৰণিত তত্ নেপাই বান্দৰে পাৰেমানে জপিয়াবলৈ ধৰিলে। মুখৰ বিড়ি কেনিবা উফৰি পৰিল। বিস্ময়াভিভূত হৈ চাই থকা জীৱ-জন্তুবোৰ ভাবিলে, বিড়ি খালে কিজানি এনেকুৱা কৰেই। সেইকাৰণেই বান্দৰে এনেকৈ জপিয়াবলৈ ধৰিছে। ইয়াকে ভাবি সিহঁতে বাঃ বাঃ দি হাত চাপৰি বজাই বান্দৰক উৎসাহ দিবলৈহে ধৰিলে। বেচেৰা বান্দৰৰ ইপিনে প্ৰাণ যায়। শিয়ালে প্ৰথমতে কথাটো টং কৰা নাছিল। যেতিয়া কৰিলে তেতিয়া জোৰ পুৰি বৰলাৰ হাত পাওঁ পাওঁ অৱস্থা। এতেকে আৰু এক মুহূৰ্ত্তও বেলি নকৰি সভাপতিৰ আসনৰ পৰা লৰা-ধপৰাকৈ উঠি আহি শিয়ালে, বান্দৰক গাৰ জোৰেৰে দিলে গতা মাৰি বিলৰ পানীলৈ। পানীৰ পৰশত বান্দৰৰ নেজৰ জুই নুমাল আৰু সিও আসন্ন মৃত্যুৰ মুখৰ পৰা ৰক্ষা পালে। নেজৰ জুই নুমাই যোৱা বান্দৰক পানীৰ পৰা ধৰি-মেলি তুলি আনিয়ে সভাপতি শিয়ালে সভা এতিয়া ভঙ্গ কৰা হল বুলি ততাতৈয়াকৈ ঘোষণা কৰি দিলে।