সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অঘটন

কি লোকচান আছে। ঈশ্বৰে কিজানি চকু মেলি চায়েই। গৰম পানী কোনো অজান্তি মুলুকতো নহয়। আমাৰ এই কাজিৰঙাৰ পূব অংশটোৰ নামেই নামবৰ হাবি। তাতে আছে এই গৰম পানী। ওলোৱা সখি এবাৰ গৈ আহোঁ। ই আমাৰ তীৰ্থযাত্ৰা হোৱাদিয়েই হব। সখিয়েক বান্দৰৰ কথাত শিয়াল মান্তি হল। হবৰ কথাই। কাৰণ, শিয়ালৰ মনৰ অৱস্থা এতিয়া এনেকুৱা হৈছেগৈ যে, কোনোবাই যদি কয়—বিহ খালে তোমাৰ এই চৰ্ম্মৰোগ ভাল হব তেন্তে সি বিহ খাবলৈও ৰাজী আছে।

 দিনবাৰ চাই এদিন দুয়ো সখিয়ে গৰম পানীলৈ বুলি যাত্ৰা কৰিলে। সিহঁতৰ যাত্ৰাৰ বাহন হল – শিয়ালৰ নতুনকৈ কিনা ৰেলি চাইকেলখন। বাট দূৰ। সিহঁতৰ বন্দবস্ত—দুয়োটাই সলনা সলনি কৈ চাইকেল চলাব। এটাই চলাই ভাগৰ লাগিলে সিটোৱে চলাব আৰু ইটো পিচফালে কেৰিয়াৰত বহি যাব। এনেকৈয়ে সিহঁত গৈ আছে। বাট,—হাবিতলীয়া লুংলুঙীয়া বাট। ঠায়ে ঠায়ে গছৰ ডালত মূৰ লাগি খুন্দা খাই মূৰ ভগাৰে ভয়। কিন্তু শিয়াল, বান্দৰ পাকৈত চাইকেল আৰোহী। সকলো বিপদ বিঘিনি অতিক্ৰম কৰি সিহঁত গৈ আছে। গৈ গৈ সিহঁতে দুদিনৰ পিচত বেচ আহল বহল আলিবাটত আহি ওলালহি। আলিবাটবোৰ দেখিলে ঠাইখন নগৰ যেনেই অনুমান হয়।

 হয়, ঠাইখন নগৰেই—। বাটৰ কাষে কাষে দোকান বজাৰ আছে, লেম্প পষ্ট আছে, চাইন বৰ্ড আছে। চাইকেল চলাই গৈ থাকোতেই এখন চাইন বৰ্ডলৈ শিয়ালৰ চকু গল। তাত লিখা আছেঃ এখন চাইকেলত দুজন উঠিলে দণ্ডনীয় হব। শিয়ালে সেই চাইন বৰ্ডখন বান্দৰক দেখুৱালে। কেৰিয়াৰত বহি যোৱা বান্দৰে কলে, সেইবোৰ মিছামিছি, ফাং ফুং। সেইবোৰ নামতহে আছে। কামত কোনেও নেমানে। একো নহয়। গৈ থাকা। কিন্তু, অদৃষ্ট বেয়া থাকিলে কোন আৰু কিমান দূৰ গৈ থাকিব পাৰে? সেই কাৰণেই, অদৃষ্ট বেয়া আছিল দেখিয়েই হবপায় শিয়াল আৰু, বান্দৰ আৰু