সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
অকাৰণ

পাৰিলে তাৰ বাবে সি যিমান লাগে সিমান ধন দিবলৈ সাজু আছে। কিন্তু কোনো ডাক্তৰেই দৰবৰ দ্বাৰা খঁৰা নেজ পূৰা কৰিব পৰাৰ ভাৰ গাত নললে। কাৰণ, তেনে কোনো দৰব চিকিৎসা বিজ্ঞানত আজিলৈকে আবিষ্কাৰেই হোৱা নাই। এজন বিলাত নে আমেৰিকাত পাছ কৰি অহা ছাৰ্জন ডাক্তৰে শিয়ালক হলে ক’লে যে, তেওঁ অপাৰেছন কৰি তাৰ খঁৰা নেজডাল দীঘল কৰি দিব পাৰিব। সেই ছাৰ্জনজনৰ কথা মতেই শিয়ালে তেওঁৰ “নাৰ্ছিং হ’ম”ত ভৰ্ত্তি হৈ দুমাহ থাকি চিকিৎসা কৰিলে। তাতেই তাৰ খঁৰা নেজডাল দীঘল হল। দীঘল হল মানে,—ছাৰ্জনে অপাৰেছন কৰি সদ্য মৰা শিয়াল এটাৰ নেজ এডাল কাটি আনি শিয়ালৰ খৰা নেজত জোৰা লগাই দিলে। নতুন, ধুনীয়া নেজডাল পাই শিয়ালে আনন্দত উৎফুল্ল হৈ ঘূৰি ঘূৰি চালে। চাই আপোন পাহৰা হল। এতিয়া আৰু তাক খঁৰা বুলিবৰ সাধ্য কাৰ? যি তাক এতিয়াও খঁৰা বুলিব, সি ক—ণা।

 নতুন নেজ লগাই শিয়াল কাজিৰঙালৈ ঘূৰি আহিল। আহোঁতে সি নগৰৰ পৰা নতুন ৰেলি চাইকেল এখনো কিনি লৈ আহিল। জীৱ-জন্তুবোৰে শিয়ালক দীঘল নেজডালেৰে পুনৰ দেখি তাজ্জব মানিলে। সিহঁতৰ বহুতেই কৌতুহল মাৰ নিয়াবলৈ খঁৰা নেগুৰডাল আকৌ কেনেকৈ দীঘল হল—সেই বিষয়ে শিয়ালক সুধিছিল। শিয়ালে কিন্তু আচল কথাটো কাৰো আগত ভাঙি নকলে। তাৰ পৰিবৰ্ত্তে ডাঙ্কোপ মাৰি সি জন্তুবোৰৰ আগত জাহিৰ কৰিলে : সি নেখাই নবই দুমাহ একান্ত মনে দেৱাদিদেৱ মহাদেৱক কঠোৰ তপস্যা কৰিছিল। মহাদেৱে তাৰ সেই তপস্যাত সন্তুষ্ট হৈ তাক বৰ দিলে তাৰ খঁৰা নেজডাল দীঘল হবলৈ। আৰু সেই বৰ মহাদেৱৰ মুখৰ পৰা ওলোৱা মাত্ৰকে তাৰ খঁৰা নেজডাল লহপহকৈ বাঢ়ি আগৰ সমান হল। আগৰ সমান ক’ত, আগতকৈ অলপমান বেচিহে দীঘল হল।

 শিয়ালৰ এই “গাঁজাখুৰী” কথাটো বিশ্বাস নকৰি হেবাং