অকাৰণ
বিনা কাৰণে শিৰোনামাটোৰ নামকৰণ “অকাৰণ” কৰা হৈছে। কাৰণ, এই অকাৰণ শিৰোনামাৰ অন্তৰালত শিয়ালৰ জীৱনৰ যিটো বদনাম লুকাই আছে সইতে সইতে তিনি সইত খাই কব পাৰি যে, সেইটো প্ৰকৃততেই কাৰণহীন নহয়।
বদনাম!!
হয়, বদনাম। “খৰা শিয়াল” বুলি শিয়ালৰ এটা বদনাম আছে। অৱশ্যে, তাৰ নেজডাললৈ চালে এই বদনামৰ সত্যতাৰ সম্বন্ধে সন্দেহ হয়। তাৰ নেজডাল চাই এই বদনাম নিতান্তই অৰ্থহীন আৰু মিছা বুলি যেই কোনো চকু থকা লোকেই এবাৰ নহয়, দুবাৰ নহয় হেজাৰ বাৰ কব। শিয়ালৰ নেজডাল আনবোৰ শিয়ালতকৈ দীঘল হলেও চুটি নহয়। শিয়ালে নিজেই কয়, সাধাৰণতে শিয়ালৰ নেজ যিমান দীঘল হয় তাৰ নেজ ডাল তাতকৈ এক ইঞ্চি বেচি দীঘল। এইটো বোলে সি নিজে স্কেলেৰে জুখি চাই পাইছিল। তাতে, তাৰ নেজডাল নোমেৰে বেচ ভোবোকাৰো। সেই নোমবোৰ ঠিয় কৰি দিলে তাক ম’ৰা চৰায়ে চালি ধৰা যেনেই দেখি। এনে এডাল দীঘল আৰু সুন্দৰ নেজৰ অধিকাৰীক “খঁৰা” বদনাম দিয়াটো কোনোবা শতুৰু বা চকু চৰহা লোকৰ কাম বুলিয়েই অনুমান হয়।
অনুমান হলেও এই অনুমান কিন্তু সত্য নহয়, কিয় নহয়, তাক তলৰ ঘটনাটোৰ পৰাই পৰিষ্কাৰকৈ বুজা যাব।
আনে চাইকেল চলোৱা দেখি শিয়ালৰো এবাৰ চাইকেল চলাবলৈ শিকিবলৈ মন গল। তেতিয়া তাৰ আক’ নিজৰ চাইকেল নাছিল। শিকিবলৈ বুলি বিচাৰিলে, থেতেলা-বেঙ্গেনা, খুন্দা-খুন্দলি খুৱাই ভাঙে বুলি ভয় কৰি কোনো চাইকেল থকা লোকেই আনক চাইকেল