সৌভাগ্যবশতঃ বান্দৰৰ অৱস্থা বেয়ালৈ যাবলৈ নেপালে। শিয়ালে সময়মতে লোৱা যথোচিত ব্যৱস্থাৰ গুণতেই বান্দৰ এই যাত্ৰালৈ ৰক্ষা পালে। হাস্পতালৰ সেই যিখন বিছনাত দুৰ্ঘটনা হৈ শিয়াল পৰি আছিল সেইখন বিছনাত কপালৰ ফেৰত বান্দৰো এমাহ থাকি কালিহে ঘৰলৈ ঘূৰি আহিছে। গা সম্পূৰ্ণ ভাল পালেই তাৰ নামত জমা থকা লটাৰীৰ বিছ হেজাৰ টকা কাজিৰঙা ক’-অপাৰেটিভ বেঙ্কৰ পৰা উলিয়াবলৈ যাবলৈ বান্দৰে আশা ৰাখিছে। যদিহে ইয়াৰ ভিতৰতে কপালে আৰু একো দুৰ্কপাল মাতি নানে। কিন্তু ......।
কিন্তু, ইমানবোৰ কথা কৈও শেষত আৰু এটা কথা নকলে বান্দৰৰ আচল কপালৰ কথাটো কোৱাই নহব। সাপ মাৰি নেগুৰত বিষ থোৱা অনুচিত। এতেকে, শেষ কথাটোও কৈ থওঁ। আচলতে, বান্দৰে বিছ হেজাৰ টকীয়া ফাৰ্ষ্ট প্ৰাইজহে নেলাগে লটাৰীত আন একো প্ৰাইজেই পোৱা নাছিল। এইটো কথা, বান্দৰ হাস্পতালৰ পৰা অহা এসপ্তাহ মানৰ পিচত শ্ৰীশহাৰাম সভাপণ্ডিতলৈ অহা লটাৰীৰ প্ৰাইজ লিষ্টখনৰ পৰা নিৰ্ভুলকৈ জনা গল। লিষ্টখন শহাই নিজেই লৈ আহিছিল শিয়াল-বান্দৰক দেখুৱাবলৈ। তেনেহলে, টকা পোৱা বুলি বান্দৰলৈ টেলিগ্ৰামখননো ক’ৰ পৰা আহিল? ক’ৰ পৰা আহিব আৰু? কোনোবা দুষ্ট বুদ্ধিৰ লোকে–বান্দৰে লটাৰীৰ টিকট লোৱা খবৰটো ৰাখি—সময়ত তালৈ এই মিছা টেলিগ্ৰামখন কৰি অৰ্থহীন আমোদ এটা উপভোগ কৰিলে। আমোদটো অৰ্থহীন হলেও কিন্তু বৰ নিৰ্ম্মম।
⸻