শিয়ালে চকু দুটা মুদি মূৰটো আকৌ পেলালে। এশ বুদ্ধিৰ টেঙৰ শিয়ালৰ মূৰত হঠাতে এটা বুধি খেলালে। সি ভাবিলে, সি গছত উঠিব নোৱাৰিলেও সখিয়েক বান্দৰৰ সহায়ত এটা কাম কৰিব পাৰে। যদি এডাল লতা আনি তাৰ দুয়োটা মূৰ গছৰ ডালত বান্ধি ওলোমাই দিয়া যায় তেতিয়া সি তাতে দোলনা খেলি গাত বঢ়িয়াকৈ বতাহ লগাব পাৰিব। সি ভবা মতেই কামটো কৰিবলৈ সখিয়েক বান্দৰক গছৰ পৰা নামি আহিবলৈ কৈ সি ভাবি উলিওৱা বুধিটোৰ কথা কলে। বান্দৰে শিয়ালৰ ইঞ্জিনীয়াৰিং বুধি দেখি প্ৰশংসাত পঞ্চমুখ হল। তাৰ পিচত দুয়োটাই গৈ লতা এডাল বিচাৰি কাটি টানি উলিয়াই আনিলে।
দিহা-পৰামৰ্শ দি লতাডালৰ আগ দুটা বান্দৰৰ হতুৱাই গছৰ ডালত বন্ধাই থাকোতে তলৰ পৰা শিয়ালে মাত লগালে : গাঁঠি দুটা সখি টানকৈ দিবা। চাবা, দোলনা খেলি থাকোতে যেন সুলকি পৰি মোৰ পঞ্চত্বপ্ৰাপ্তি নহয়।
–এনে আপদীয়া কথা নকবা সখি, —দিয়া গাঁঠি এটা শক্তিয়ে আঁটে মানে আঁটি আঁটি গছৰ ওপৰৰ পৰা বান্দৰে কলে। তুমি ভাবা নেকি মই তোমাৰ অহিত চিন্তো বদলি?
বান্দৰৰ উত্তৰত শিয়ালে যেন অলপ লাজ পালে। সেইদেখি–নাই সখি, বেয়া নেপাবা। ধেমালিতহে মই তেনেকৈ কৈছো—বুলি সি কথাটো পাতলাই দিলে।
ইতিমধ্যে গাঁঠি দিয়া শেষ কৰি বান্দৰে লতাডালেদিয়েই চুচৰি নামি আহি শিয়ালক কলে : প্ৰথমে ময়েই দুবাৰ মান দোলো। তুমি মোক ঠেলা সখি। শিয়ালে ঠেলিলে। বান্দৰ লতাডালত বহি কোবেৰে আগলৈ পিচলৈ দুলিবলৈ ধৰিলে। কেইবাৰমান এনেকৈ দুলি বান্দৰ বহাৰ পৰা নামি শিয়ালক বহিবলৈ কৈ কলে : ভয় নাই। গাঁঠি কেইটা বেছ কটকটীয়া হল। এতিয়া তুমি বহা। মই ঠেলো। শিয়ালে ঠেং দুটা ওলোমাই লতাডালত বহি দুই হাতেৰে দুফালে ভালকৈ খামুচি ধৰিলে। বান্দৰে ৰে-ডি বুলি কৈ শিয়ালক গাৰ