সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
দুর্গতি

ব্যৱস্থা মতেই দুয়ো বন্ধুৰ নেজে নেজে বন্ধা হল। গাঁঠি শিয়ালে নিজেই দিলে। বান্দৰে শিয়ালক টানি চালে। গধূৰ যদিও গছৰ ওপৰলৈ নিব পাৰিম বুলিয়েই বান্দৰৰ মনে ধৰিলে। হাতেৰে ঢুকি পোৱাত গছৰ ডাল এটা হাউলি আছিল। সেইটোতে ধৰি বান্দৰ ওলমিলে। ডালটো আৰু, হাউলি আহিল। সেই ডালটোকে আশ্ৰয় কৰি বান্দৰে তাৰ ওপৰত থকা ইটো ডালত ওলমিলে। এইবাৰ শিয়ালৰ পিচ ফালটো দাং খালে। তাৰ আগঠেং দুটাই মাটি চুই আছে। বান্দৰে গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি মৰো জীওঁ সোঁ-আধিকৈ আৰু ওপৰৰ ডাল এটালৈ উঠিল। এইবাৰ শিয়াল একেবাৰে শূন্যত ওলমি পৰিল। ধৰিবলৈ আশ্ৰয় বিচাৰি সি কাওঁ বাওঁ কৰিবলৈ ধৰিলে। ডালে-পাতে ধৰিলেও সি ধৰি ৰব নোৱাৰে। ইপিনে বান্দৰৰ নেজো ছিগো ছিগো। তথাপিও ভৰি আৰু হাতেৰে ডালত ভালকৈ ধৰি বান্দৰে শিয়ালক সুধিলে, কিবা সুবিধা কৰিব পাৰিছানে সখি? চেষ্টা কৰিছোঁ, তুমি আৰু অলপ ওপৰলৈ যোৱা—শিয়ালে কলে। শিয়ালৰ কথা মতেই বান্দৰে ওপৰলৈ যাবলৈ বুলি আন এটা ডালত হাতেৰে ধৰোতেই শিয়ালেও ডাল এটাত ধৰো বুলি খপজপনি লগোৱাত গছৰ চনকা ডালটো ঠনৰকৈ ভাগি দুই বন্ধু গছৰ তলত নেকেহকৈ পৰিলহি। শিয়ালৰ প্ৰায় গাৰ ওপৰতে পৰাত বান্দৰে বৰ বেছি দুখ নেপালে। কিন্তু মুখ ঠেকেচা খাই পৰাত শিয়ালৰ হলে আগ দাঁত এটা ভাগিল। আৰু ভৰি এটাতো মোচোকা খালে।

 মাটিত পৰি থাকি টন্‌টনাই থকা নেজ দুডালৰ গাঁঠিটো বান্দৰেই খুলিলে। আঁট খাই যোৱা গাঁঠিটো খোলোতে হাতৰ উপৰিও দাঁত ব্যৱহাৰ কৰিব লগা হল। গাঁঠি খুলি থাকোতেই বান্দৰে

অবুজৰ সতে ভাই হলে এক মতি,
অনাহক পোৱা যায় অশেষ দুৰ্গতি—

বুলি কবিতা এফাঁকি মাতিলে। শিয়ালে সেই কবিতা ফাঁকি শুনিও নুশুনাৰ ভাও জুৰি লেংকুচ লেংকুচকৈ তাৰ পৰা আঁতৰি গল—হাচপতাললৈ বুলি। প্ৰাথমিক চিকিৎসা লবৰ বাবে।