এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
ভেকো ভাওনা
দিনত ভেদাভেদ, হিংসাদ্বেষ পাহৰি পৃথিবীখনকে আপোন বুলি ভাবিবলৈ শিকাটোতেই আমাৰ বিহু পতাৰ সাৰ্থকতা.......
বান্দৰে কথাবোৰ অনৰ্গল এইদৰে কৈ গৈছিল। শিয়ালে তলমূৰ কৰি শুনি শুনি নিজৰ মনৰ দৰিদ্ৰতা আৰু সংঙ্কীৰ্ণতা উপলব্ধি কৰি ভাবিছিল : সখি আকাৰতহে ঘুটমুটীয়া সৰু। মনটো কিন্তু বৰ ডাঙৰ। সেই অনুপাতে মোৰ মনটো কিমান সৰু, কিমান ঠেক। সুদূৰ ইউৰোপ, আমেৰিকাৰ কথা বাদেই দিছো। মই চোন এই কাজিৰঙাখনৰ শিয়াল কেইটাৰ বাহিৰে অসমৰ আন আন ঠাইৰ শিয়াল কেইটাকেই আপোন বুলি ভাবিবলৈ শিকা নাই। অথচ, পৃথিবীৰ সমস্ত শিয়ালেই আমাৰ সমগোত্ৰীয়। জাতত এক। যেনেকৈ এক বান্দৰ সখিহঁতৰ আটাইবোৰ বান্দৰেই। কথাবোৰ এনেকৈ ভাবি থাকোতেই বান্দৰে বহাৰ পৰা উঠি শিয়ালক সাৱটি ধৰি কলে :
আঁহা সখি আজি বিহুৰ দিনা আমি প্ৰীতিৰ আলিঙ্গন কৰো। বিহুৱে আমাৰ সকলোৰে মনৰ সঙ্কীৰ্ণ সীমাৰেখাক ভাঙি সকলোকে