সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দৃষ্টিদান


হ’ল সুদূৰ আমেৰিকাৰ কিবা “ৰেচাছ” জাতীয় বান্দৰ। আকাৰত আমাৰ ইয়াৰ কেৰ্কেটুৱা একোটাৰ মানহে।

 –কি ক’লা সখি? শিয়ালৰ কথা শুনি বান্দৰে ভেকাহি মাৰি কলে। ভৌগোলিক সীমাৰ সঙ্কীৰ্ণতাৰে সম্বন্ধ বিচাৰ কৰিবলৈ, জাত বিচাৰ কৰিবলৈ তুমি ক’ত শিকিলা? তুমি যে ইমান ঠেক মনৰ সেইটো মই আজিহে বুজিলো।

 বান্দৰে ভেকাহি মাৰি কোৱা কথা কেইটাই শিয়ালৰ মুখত যেন চাবুকেৰেহে কোবালে। লাজ আৰু অপমানত শিয়ালৰ কণ্ঠৰ কথা কণ্ঠতে হেৰাই গ’ল। তাৰ উত্তৰত কি কব কি নকব বুলি কিং-কৰ্ত্তব্য বিমূঢ় হৈ ভালেমান পৰ নিমাতে থকাত আকৌ বান্দৰেই কলে : বেয়া নেপাবা সখি, আজি বিহুৰ দিনা পুৱাই তোমাক বহুত টান কথা কলোঁ। কিন্তু কি কৰিম, পুৰণি হলেও এবলৰ মৃত্যুৰ সংবাদটোৱে মোক ইমান অভিভূত কৰি পেলাইছে যে ম‍ই কথা কেইটাও চম্ভালি কোৱাৰ হুচ হেৰুৱাই পেলাইছোঁ। এবল বিদেশী হব পাৰে। কিন্তু জাতত আমি একে বান্দৰেই। তাইৰ দৰে পৰোপকাৰ কৰি জীৱন উচৰ্গা কৰা যেই কোনো প্ৰাণীৰ মৃত্যুতেই অনুভূতি থকা যেই কোনো লোকৰেই দুখ লগাটো স্বাভাৱিক। কিন্তু বৰ পৰিতাপৰ কথা জানা সখি, আমাৰ জন্তুবোৰ আজিও নিজৰ নিজৰ জাত লৈয়ে ব্যস্ত। আমাৰ এই জাতিভেদ নীতিৰ কুফলতেই আজিও আমি প্ৰীতিৰ ডোলেৰে বান্ধ খাব পৰা নাই। এইটো আমাৰ জন্মগত দোষ। ই আমাৰ হাড়ে হাড়ে, মজ্জাই মজ্জাই সোমাই আছে। ইয়েই আমাৰ মনবোৰ অতি ঠেক কৰি পেলাইছে। এই ঠেক মনোভাব দলিয়াই পেলাই যিদিনা আমি সকলোকে সমান বুলি ভ্ৰাতৃভাবে বুকুত সাৱটি লব পাৰিম সেই দিনাই আমাৰ মনবোৰ মুকলি হব, নিষ্কলুষ হব। সেই দিনাই বহল পৃথিবীখন আমাৰ কাৰণে এক হৈ পৰিব। আজি বিহু। বিহু আমাৰ অসমৰ সাম্য, মৈত্ৰী, ভালপোৱা, স্নেহ-প্ৰীতিৰ প্ৰতীক। আজিৰ দিনত সাত শতুৰুকো আপোন কৰি লব পৰাটোতেই বিহুৰ বৈশিষ্ট্য। আজিৰ