ডকা দি ৰাখি বান্দৰে গছৰ ওপৰৰ পৰা কল খাই শিয়ালক বাকলি দিয়া আদি......।) নেপাহৰিলেও, আজি আৰু “গতস্য শোচনা নাস্তি” বুলি দুয়োটাই ভালকৈয়ে উপলব্ধি কৰিলে। বহুত দিনৰ পুৰণি ঘটনা এটাক আজিৰ এই নতুন দিনত জীপ দি ৰখাৰ একো মানে নাই। তাৰ পৰা কাৰো একো লাভ নহয়। তাৰ পৰা শিয়ালৰ শিং নগজে। নগজে শিং বান্দৰৰো। সেইকাৰণেই, “অতীতক যোৱাহে পাহৰি” বুলি সিহঁতে নতুন মৰম, নতুন স্নেহ-প্ৰীতিৰে ইটোৱে সিটোক বান্ধি আকৌ নতুন বন্ধুত্ব স্থাপন কৰিলে।
শিয়ালে বান্দৰ থকা আঁহত জোপাৰ গুৰিতে গাঁত এটা খানি তাৰ বাসস্থান ঠিক কৰি ললে। কিছুদিন বান্দৰৰ আলহী হিচাবেই থাকি শিয়ালে তাৰ নতুন ঘৰৰ বাবে লাম-লাকটু কিছুমান যোগাৰ কৰিলে। ঘৰবাৰী সকলো টনকিয়াল হোৱাৰ পিচত—দুই বন্ধুৰ মাজত আলোচনা চলিবলৈ ধৰিল— সিহঁতৰ এই নতুন বন্ধুত্বত এতিয়া কেনেকৈ কি কি নতুন নতুন অভিযান চলোৱা যাব। কিয়নো, সিহঁত দুয়োটাই হ’ল দুঃসাহসী আৰু অভিযান প্ৰিয়। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি সিহঁত দুয়োটাই খুব ভালকৈয়ে জানে।
⸻