সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুনৰ মিলন


এটা ভাঙি শিয়ালৰ গালৈ দলি মাৰি মাতিলে : বোলো হেৰা শিয়াল সখি!

 শিয়ালে, গাত কিবা এটা পৰা যেন পাই টোপনিৰ পৰা খক্‌মক্‌কৈ সাৰ পালে এইবাৰ। ইফালে সিফালে চাই ওচৰত কাকো নেদেখি সি ভাবিলে : সি নিশ্চয় সপোন দেখিছিল। নহলে তাক কোনেও নমতাকৈয়ে সি মতা যেন কিয় শুনিব? সি আকৌ শুবলৈ যো-জা কৰিছিল। এনেতে বান্দৰে জপংকৈ তাৰ সন্মুখতে গছৰ পৰা জাপ মাৰি নামিল। বান্দৰৰ এই আকস্মিক আবিৰ্ভাবত শিয়ালে ভয় খাই জাপ মাৰি এনলমান পিচুৱাই গল। বান্দৰে তাক নিৰ্ভয় দিয়াত সি সেইখিনিতে থৰহৈ বান্দৰৰ ভৰিৰ পৰা মূৰলৈ চালে। চাই ৰ’লে ভালেমান পৰ। শিয়ালৰ মনতো তৎক্ষণাত স্মৃতিৰ বিজুলী খেলি গল। তাৰো মনত খেলালে—এই ভদ্ৰলোকক সি যেন আগতে কৰবাত কেতিয়াবা দেখিছে। খন্তেক তলকা মাৰি শিয়ালে ভাবিছিল : কিমান দিনৰ আগতে ক’ত, কেতিয়া দেখিছিল—এই ভদ্ৰলোকক।

 এনেতেই বান্দৰে কলে : মোক চিনি পোৱা নাই সখি? মই–বান্দৰ। তাহানিৰ সেই বান্দৰ সখিয়েৰা।

 –বান্দৰ!! বিশ্বাস-অবিশ্বাসৰ দোমোজাত আচৰিত হৈ শিয়ালে সুধিলে, তুমি তাহানিৰ বান্দৰ সখি!!!

 —কিয়, চিনিব পৰা নাই নেকি? মই চোন তোমাক দেখিয়েই চিনিছোঁ, বান্দৰে কলে।

 এইবাৰ শিয়ালৰ সকলো সন্দেহ দূৰ হল। কলে : ইমান দিনৰ মূৰত হঠাতে দেখা। চিনাত অলপ পলম হোৱাটো স্বাভাৱিক।

 এনেকৈয়ে পুনৰ চিনাকি হল দই পৰণি বন্ধুৰ। চিনাকি হৈ—অতীতৰ মিঠা তিতা স্মৃতি সনা বহুত কথাই সিহঁতে পাতিলে। দুয়োটাৰ কথাৰ পৰাই বুজা গল—অতীতত যি কাৰণত সিহঁতৰ মনোমালিন্য হৈ সিহঁতৰ লগ এৰাএৰি হৈছিল, সেই কথা সিহঁত এটাইও পাহৰা নাই। (সেই কাৰণটো বিয়া এখনৰ জা-জলপান