সমললৈ যাওক

পৃষ্ঠা:ভেকো ভাওনা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পুনৰ মিলন

 পুনৰ মিলন,—শিয়াল আৰু বান্দৰৰ।

 তাহানিৰ সাধু-উপাখ্যানৰ যুগৰ নলেগলে লগা বন্ধু শিয়াল—বান্দৰৰ বৰ অভাবনীয় আৰু অপ্ৰত্যাশিত ভাবে পুনৰ মিলন হ’ল আজিৰ এই গল্প-উপন্যাসৰ যুগত৷

 এই পুনৰ মিলন ঘটনাটো ঘটিলে এনেকৈঃ

 কাজিৰঙাৰ বিলৰ পাৰৰ কৌটিকলিয়া সেই বুঢ়া আঁহতজোপা। পূৰ্ব্বপুৰুষৰ বাসস্থান কিষ্কিন্দ্যা এৰি ভগনীয়া হবৰ পৰা বান্দৰ আজি বহুত দিনৰ পৰাই ইয়াতে মহাসুখে বাস কৰি আছে। চিন্তা নাই, ভাৱনা নাই। নাই আকাল, নাই ভৰাল। এটা পেটৰ বাবে চিন্তাই বা কৰিব লাগিছে কিটো? আকালেই বা কিহৰ? এশিঙীয়া গঁড়ৰ বাবে পৃথিবী-বিখ্যাত অসমৰ এই কাজিৰঙা হৰেক ৰকমৰ খোৱা ফল-মূলেৰে উভৈনদী। সেই বোৰকে গছে গছে বগাই চিঙি খাই ফুৰাৰ বাহিৰে বান্দৰৰ আৰু কৰিবলগীয়া কামেই বা কি আছে? নাই, আৰু একো কামেই নাই। কামৰ ভিতৰত মাত্ৰ বান্দৰৰ দুটা—খোৱা আৰু শোৱা। বান্দৰে ইতিমধ্যে কাজিৰঙাত বহুতৰ লগতেই চা-চিনাকি হৈ সৎভাব স্থাপন কৰিছে। পিচে, ইয়াৰ পৃথিবী-বিখ্যাত গঁড়ৰ লগতহে হওঁ হওঁ বুলিও চিনাকি হব পৰা নাই। চিনাকি হোৱাৰ সুবিধা বহুতেই পাইছে। কিন্তু গোঁৱাৰ গঁড়ৰ কাষ চাপিবলৈ বান্দৰে নিজৰ সাহ হে গোটাব পৰা নাই। তথাপিও, সি আশা ৰাখিছে—এদিন গঁড়ৰ লগত যেনে তেনে সি চিনাকি হবই হব।

 কিন্তু গঁড়ৰ লগত চিনাকি হোৱাৰ আগতে—এদিন বৰ আকস্মিক ভাবে বান্দৰৰ চিনাকি হল আন এজনৰ লগত। সেইজনেই হল তাৰ পুৰণি বন্ধু—শিয়াল। সেইদিনাও, আন দিনাৰ দৰেই কাহিলি